Local, Vocal, Global

Woman Missing For 16 Days : ১৬দিনে সন্ধানহীন নগাঁৱৰ দিপ্তী দেৱী

নিউজ ডেস্ক,৩০মাৰ্চ : নগাঁৱত সন্ধানহীন মহিলা। চলিত বৰ্ষৰ ১৪মাৰ্চৰ পৰা সন্ধানহীন দিপ্তী দেৱী নামৰ মহিলাগৰাকী(Woman Missing For 16 Days)।

ঘটনা অনুসৰি, যোৱা ১৪ মাৰ্চ তাৰিখে সন্ধিয়া ৬-৩০ বজাত ৰহা পুৰণি চাৰিআলিৰ কোনো দোকানলৈ বজাৰ কৰিবলৈ আহিছিল আৰু তাৰ পিছৰে পৰা ঘৰলৈ ঘূৰি নোযোৱাত পৰিয়ালৰ মাজত হাহাকাৰ লাগে।বিগত ১৬ দিন ধৰি বিভিন্ন স্থানত অনুসন্ধান কৰে যদিও সন্ধানহীন মহিলাগৰাকীৰ কোনো সন্ধান পৰিয়ালে লাভ কৰা নাই(Woman Missing For 16 Days)।

২৮ বছৰীয়া দিপ্তী দেৱী নামৰ মহিলাগৰাকীৰ সন্ধান বিচাৰি ৰহা আৰক্ষীৰ ওচৰত এজাহাৰ দাখিল কৰিছে যদিও বৰ্তমানলৈকে কোনো সন্ধান উলিয়াবলৈ সক্ষম হোৱা নাই ৰহা আৰক্ষীয়ে। নিৰুদ্দিষ্ট দিপ্তী দেৱীৰ ৬ বছৰীয়া কন্যা সন্তাটিয়ে মাতৃক বিচাৰি হাহাকাৰ কৰাৰ লগতে মাতৃক ঘৰলৈ ঘূৰি আহিবলৈ আহ্বান জনাই।

লগতে পঢ়ক : Woman Held With Drugs In Early Morning Crackdown : মহানগৰীৰ বশিষ্ঠত ড্ৰাগছভৰ্তি কণ্টেইনাৰসহ আটক মহিলা সৰবৰাহকাৰী