Woman Kills Son : জন্মদাত্ৰী মাতৃৰ হাতত প্ৰাণ গ’ল পুত্ৰৰ

নিউজ ডেস্ক, ৬ ফেব্ৰুৱাৰী : প্ৰতিগৰাকী ব্যক্তিৰ জীৱনত মাতৃৰ এক গুৰুত্বপূৰ্ণ ভূমিকা আছে। মাতৃয়ে এটি সন্তানক পৃথিৱীলৈ অনাই নহয় সন্তানটিক মাতৃয়ে শিক্ষক আৰু বন্ধু হৈ বহু কথাৰে জ্ঞান দিয়ে। মাতৃৰ ওচৰত সকলো সন্তানে নিৰাপত্তা অনুভৱ কৰে। এই মমতাময়ী মাতৃৰ ধাৰ কোনো কালেই পৰিশোধ কৰিব নোৱাৰে কোনোয়ে। মাতৃ মমতাৰ মূৰ্ত প্ৰতীক। কিন্তু সেয় মমতাময়ী মাতৃ যেতিয়া পাশৱিক হয় ! সেই মমতাময়ী মাকৰ বুকুত যেতিয়া দানৱীয় সত্বাই থিতাপি লয়,মাতৃ যদি নিদাৰুণ হয়,কোনে দিব সন্তানক নিৰাপত্তা((In a Horrific Incident)।
সন্তানৰ লগত অনৈতিক কাম কৰোতে যেতিয়াই নকঁপে মাতৃৰ দুই হাত(Woman Kills Son )।
এক অমানৱীয় কাণ্ড সংঘটিত হৈছে দেৰগাঁৱত ।
গোলাঘাট জিলাৰ দেৰগাঁৱত সংঘটিত হৈছে এক হৃদয়বিদাৰক ঘটনা ।দেৰগাঁৱত জন্মদাত্ৰী মাতৃৰ হাতত প্ৰাণ গ’ল পুত্ৰৰ । দেৰগাঁৱৰ হাবিয়াল গাঁৱত বৃদ্ধা মাতৃৰ হাতত পুত্ৰৰ প্ৰাণ গল।
অভিযোগ অনুসৰি, বৃদ্ধা মাতৃৰ কুঠাৰৰ ঘাপত থিতাতে নিহত হয় পুত্ৰ। ভুক্তভোগী ব্যক্তিজনৰ নাম জয়ন্ত ৰাজখোৱা বুলি জানিব পৰা গৈছে।
উল্লেখ্য যে, জয়ন্ত ৰাজখোৱা নামৰ লোকজন কামৰ পৰা আহি বৃদ্ধা মাতৃক চাহ বনাবলৈ কৈছিল আৰু সেই সময়তে মাতৃৰ ডিঙিত ধৰিছিল। জয়ন্তৰ পুত্ৰই আইতাকক কিয় তেনেদৰে ধৰিছে বুলি পিতৃক কোৱাৰ পাছত জয়ন্তই পুত্ৰকো ডিঙি চেপি ধৰিছিল। জয়ন্তৰ বৃদ্ধা মাতৃয়ে নাতিনীয়েকক বচাবলৈ নিজ পুত্ৰকে এখন কুঠাৰেৰে প্ৰহাৰ কৰাত জয়ন্ত থিতাতে নিহত হয়। সৰুৰে পৰা মৰমত ডাঙৰ–দীঘল কৰা সন্তানৰ ব্যৱহাৰত, কামত মাতৃয়ে লোৱা এই চৰম পন্থাক কেন্দ্ৰ কৰি অঞ্চলজুৰি উত্তেজনাই বিৰাজ কৰিছে। এই হত্যাকাণ্ডৰ আঁৰত আন কিবা কাৰণ আছে নেকি সেয়া আৰক্ষীৰ তদন্তৰ অন্ততহে পোহৰলৈ আহিব।
বৰ্তমান আৰক্ষীয়ে ঘটনা সন্দৰ্ভত আৰম্ভ কৰিছে ।
লগতে পঢ়ক : Body Of Youth Found In Guwahati’s Radisson Blu Hotel : মহানগৰীৰ পঞ্চতাৰকাযুক্ত হোটেলত উদ্ধাৰ যুৱকৰ মৃতদেহ