Local, Vocal, Global

Woman Killed on Suspicion of Being Witchcraft : ডাইনী সন্দেহত দুই নাবালক সন্তানৰ সন্মুখতে জীৱন্তে জ্বলাই দিয়ে মাতৃক !

নিউজ ডেস্ক, ২৫ ডিচেম্বৰ : এক নৃশংস হত্যাকাণ্ডৰ ঘটনা । ডাইনী সন্দেহত নৃশংসভাৱে হত্যা এগৰাকী মহিলাক । তেজপুৰত সংঘটিত হৈছে এই নৃশংস হত্যাকাণ্ডৰ ঘটনাটো(Woman Killed on Suspicion of Being Witchcraft) ।

তেজপুৰৰ নিকটৱৰ্তী নিজ বাঁহবাৰীত এগৰাকী মহিলাক ডাইনীৰ সন্দেহত একাংশ লোকে নৃশংসভাৱে হত্যা কৰাৰ অভিযোগ উত্থাপিত হৈছে । দেওবাৰে নিশা প্ৰায় ৯ মান বজাত সংঘটিত হৈছে এই ঘটনাটো ।

জানিব পৰা মতে, মহিলাগৰাকীক তেওঁ দুই নাবালক সন্তানৰ সন্মুখতে জীৱন্তে জ্বলাই দিয়ে ৷ মৃত মহিলাগৰাকী ৰাম কাটিৰ পত্নী সংগীতা কাটি (৩০) বুলি জানিব পৰা হৈছে(Woman Killed on Suspicion of Being Witchcraft in Tezpur) ।

অভিযোগ অনুসৰি, ডাইনীৰ সন্দেহত সংগীতা কাটিক জ্বলাই দিলে একাংশই। আৰক্ষীয়ে জনোৱা অনুসৰি, এই হত্য়াকাণ্ডৰ ঘটনাটো ৬ জন জড়িত আছে আৰু বৰ্তমানলৈকে ৪ জনক আটক কৰিছে তেজপুৰ সদৰ আৰক্ষীয়ে । ঘটনাৰ সৈতে জড়িত ব্যক্তিসকল ক্ৰমে ধীৰাজ বাগোৱাৰ, অজয় চাংকা, টিংকু মালদাৰ আৰু সুৰজ বাগোৱাৰ। । আনহাতে আন দুজন অভিযুক্ত বৰ্তমান পৰ্যন্ত পলাতক অৱস্থাত আছে বুলি জানিব পৰা গৈছে ।

বৰ্তমান ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্ত অব্যাহত ৰাখিছে । এই ঘটনাৰ পাছত সমগ্ৰ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে ।

লগতে পঢ়ক : CM Mohan Yadav to expand Cabinet : আজি মধ্যপ্ৰদেশৰ নতুন মন্ত্ৰীসভাৰ ২৮গৰাকী মন্ত্ৰীয়ে ল’ব শপত গ্ৰহণ