Autorickshaw-Bus Collision In Morigaon : শোকাৱহ দুৰ্ঘটনা; থিতাতে নিহত এজন, আহত ৯জন

নিউজ ডেস্ক, ১২ মাৰ্চ : শোকাৱহ দুৰ্ঘটনা । থিতাতে নিহত এজন, আহত ৯জন(Autorickshaw-Bus Collision In Morigaon ) ।
মঙলবাৰে পুৱতি নিশাই মৰিগাঁও-নগাঁৱৰ ৰাষ্ট্ৰীয় পথৰ নামগাঁৱত সংঘটিত হয় শোকাৱহ দুৰ্ঘটনা । AS 21 C 5031 নম্বৰৰ যাত্ৰী কঢ়িওৱা এখন টেম্প’ই এখন নৈশ বাছৰ পাছফালে খুন্দা মাৰে ৷ ফলত সংঘটিত হয় ভয়ংকৰ দুৰ্ঘটনা । এই দুৰ্ঘটনাটোৰ ফলত থিতাতে নিহত হয় এজন আৰু আহত হয় ৯জন ।
এই ভয়ংকৰ দুৰ্ঘটনাটো সংঘটিত হোৱাৰ লগে লগে আৰক্ষী ঘটনাস্থলীত উপস্থিত হয় আৰু আহত লোকসকলক ততাতৈয়াকৈ উদ্ধাৰ কৰি মৰিগাঁও অসামৰিক চিকিৎসলায়লৈ প্ৰেৰণ কৰে যদিও প্ৰাথমিক চিকিৎসাৰ অন্তত ৫ জনৰ অৱস্থা সংকতজনক হোৱাৰ বাবে উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ প্ৰেৰণ কৰে(Woman Killed, 9 Injured In Autorickshaw-Bus Collision In Morigaon) ।
জানিব পৰা মতে, আহত লোকসকলক নগাঁও জিলাৰ কামপুৰ থানাৰ অন্তৰ্গত ধৰমুখৰ বাসিন্দ ।
আৰক্ষীয়ে জানিবলৈ দিয়া অনুসৰি টেম্প’খনত ১০ জন যাত্ৰী আছিল । ইয়াৰে দুজন পুৰুষ আৰু ৮ গৰাকী মহিলা বুলি । এই দুৰ্ঘটনাত ঘটনাস্থলীতে এগৰাকী মহিলা নিহত হয় । নিহত মহিলা গৰাকীৰ নাম ৰুবীয়া খাতুন ।
লগতে পঢ়ক : Rajnath Singh to visit Assam : ১৪ মাৰ্চত অসমলৈ আহিব প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং