যোৰহাটত অনা-অসমীয়াই প্ৰহাৰ কৰিলে মহিলা সাংবাদিকক
নিউজ ডেস্ক: মহিলা সাংবাদিকক প্ৰহাৰৰ ঘটনাক লৈ উত্তেজনাই বিৰাজ কৰিছে যোৰহাটত৷ বণিয়াই মহিলা সাংবাদিকক প্ৰহাৰ কৰাৰ ঘটনাত সদৌ অসম ছাত্ৰ সন্থাৰ যোৰহাট জিলা সমিতি, আম আদমি পাৰ্টীৰ লগতে কেইবাটাও দল-সংগঠন সৰৱ হৈ পৰিছে৷ ইতিমধ্যে মহিলা সাংবাদিকগৰাকীয়ে দাখিল কৰিছে এজাহাৰ৷ কালি নিশাই ঘটনা সংঘটিত হোৱাৰ পাছতে এজাহাৰ দাখিল কৰাত বণিয়া অংকুৰ গুপ্তাক আৰক্ষীয়ে আটক কৰিছিল যদিও নিশা এৰি দিয়ে৷ তাৰ পাছত আজি পুনৰ এজাহা দাখিল কৰে মহিলা সাংবাদিকগৰাকীয়ে৷ আটক কৰি মুকলি কৰি দিছিল৷ পুনৰ এজাহাৰ দিয়াত গুপ্তা পুনৰ সদৰ আৰক্ষী থানাত উপস্থিত হয়৷ ইতিমধ্যে আৰক্ষীয়ে তদন্ত অৱ্যাহত ৰাখিছে৷ যোৰহাটৰ বিতৰ্কিত ৱ্যৱসায়ী তথা ৰজা ঘৰৰ নেতা অংকুৰ গুপ্তাৰ নামৰ ব্যক্তিজনে অৱৈধ ভাৱে কৰিছিল আতছ বাজী৷ অৱৈধ ভাৱে আতছ বাজিৰ ৱ্যৱসায় কৰা বিষয়ে জানিব পাৰি বাতৰি সংগ্ৰহৰ বাবে উপস্থিত হৈছিল এটা সাংবাদিকৰ দল৷ বাতৰি সংগ্ৰহ কৰি থকা সময়ত সাংবাদিকৰ পৰা মোবাইল কাঢ়ি নিছিল গুপ্তাই৷ একে সময়তে উক্ত স্থানত উপস্থিত হৈছিল মহিলা সাংবাদিকগৰাকী৷ দুৰ্ভাগ্যজনকভাৱে বিষয় মহিলা সাংবাদিকগৰাকী গাত হাত দি গুপ্তা নামৰ ৱ্যৱসায়ী জনে প্ৰহাৰ কৰা ফলত এখন হাত ভাগি যায় মহিলা সাংবাদিকগৰাকীৰ৷ মহিলা সাংবাদিকগৰাকীৰ মোবাইলটো কাঢ়ি নিয়ে৷