মিজোৰামত ড্ৰাগছ চোৰাং ব্যৱসায়ত জড়িত মহিলাক গ্ৰেপ্তাৰ
নিউজ ডেস্ক, ৪ জুন : শুক্ৰবাৰে মিজোৰাম আৰক্ষীয়ে মামিত জিলাৰ লেংপুই বিমানবন্দৰত ড্ৰাগছ চোৰাং ব্যৱসায়ত জড়িত থকাৰ অভিযোগত এগৰাকী মহিলাক গ্ৰেপ্তাৰ কৰে।
বাতৰি অনুসৰি, গ্ৰেপ্তাৰ কৰা মহিলাগৰাকী আইজলৰ বাওংকাৱন অঞ্চলৰ বাসিন্দা ২৫ বছৰীয়া চাবাথলুই বুলি চিনাক্ত কৰা হৈছে আৰু মহিলাগৰাকী ৰাজহ চোৰাংচোৱা সঞ্চালকালয়ৰ (DRI) তালিকাত আছে।
শুকুৰবাৰে কলকাতাৰ বিমানবন্দৰৰ পৰা আৰক্ষীৰ এটা দলে মহিলাগৰাকীক গ্ৰেপ্তাৰ কৰে, ।
পাছত মহিলাগৰাকীৰ বাসগৃহত অনুসন্ধান কৰাৰ পিছত, ৩৯০০ কিলোগ্ৰাম আফু গুটি (Poppy Seeds), ৪,১০,০০০ ডাল এফে লাইট নামৰ বিদেশী চিগাৰেট (Effe Light) আৰু প্ৰায় ১.৫ কোটি টকাৰ প্ৰসাধন সামগ্ৰী উদ্ধাৰ কৰা হৈছিল।
মহিলাগৰাকীক পিছত পৰৱৰ্তী আইনী প্ৰক্ৰিয়াৰ বাবে আৰক্ষীয়ে আইজলৰ ডিআৰআইৰ হাতত গতাই দিয়ে।