Local, Vocal, Global

Watch | Woman held with drugs in Jagiroad: জাগীৰোডত ড্ৰাগছসহ এগৰাকী মহিলা আটক

গুৱাহাটী: অব্যাহত আছে জাগীৰোড আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান ৷ এক গোপন সুত্ৰৰ পম খেদি জাগীৰোড আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ভদ্ৰেশ্বৰ পেগু আৰু নগৰ পৰিদৰ্শক বিক্ৰম দলৈৰ নেতৃত্বত চলোৱা এক আভিযানত আটক এগৰাকী ড্ৰাগছ সৰবৰাহকাৰী ৷ জাগীৰোড ৰেল ষ্টেচনৰ সমীপত হামিদা খাতুন নামৰ মহিলা সৰবৰাহকাৰী গৰাকীৰ পৰা আৰক্ষীয়ে জব্দ কৰে চাৰিটা চাবোনৰ কেচ ভৰ্তি হেৰইন ৷ জব্দকৃত হেৰইনখিনিৰ ওজন 45.3 গ্ৰাম ৷ ডিমাপুৰৰ পৰা ৰেলযোগে জাগীৰোডলৈ সৰবৰাহৰ বাবে হেৰইনখিনি আনিছিল প্ৰায় ৩০ বছৰীয়া মহিলা গৰাকীয়ে ৷ মহিলা গৰাকীৰ ঘৰ গোলাঘাট জিলাৰ সৰুপথাৰ আৰক্ষী থানাৰ অন্তৰ্গত ৰজাপুখুৰী গাঁৱত ৷ ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে জাগীৰোড আৰক্ষীয়ে ৷