Woman goes missing : চতিয়াৰ বিদাংশ্ৰীত বোৱাৰী নিৰুদ্দেশ;দুদিন ধৰি সন্ধানহীন চতিয়াৰ ৰীতা বসুমতাৰী
জানুগুৰিহাট,২৮মে’ : ৰাজ্যত পুনৰ নিৰুদ্দেশৰ ঘটনা । ৰাজ্যত দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে নিৰুদ্দেশৰ ঘটনা । ধাৰাবাহিকভাৱে সংবাদ মাধ্যমৰ শিৰোনামা দখল কৰি আহিছে নিৰুদ্দেশৰ ঘটনাই । এটাৰ পিছত আন এটা নিৰুদ্দেশৰ ঘটনাই জোকাৰি গৈছে ৰাজ্য(Woman goes missing)।
ৰাজ্যৰ অন্য প্ৰান্তৰ সমান্তৰালকৈ এইবাৰ চতিয়াৰ বালিজুৰি অঞ্চলৰ বিদাংশ্ৰী গাঁৱৰ বোৱৰী নিৰুদ্দেশ ৷ নিৰুদ্দেশ হোৱা মহিলাগৰাকী বিদাংশ্ৰী গাঁওখনৰ ৰোহিটন বসুমতাৰী নামৰ লোকজনৰ পত্নী ৰীতা বসুমতাৰী(৩০) ।
জানিব পৰা মতে, ৰীতা বসুমতাৰী নামৰ মহিলাগৰাকীয়ে দেওবাৰে বজাৰৰ সামগ্ৰী আনিবলৈ বুলি দিনৰ প্ৰায় ১১বজাত ঘৰৰ পৰা ওলাই গৈছিল আৰু সন্ধিয়ালৈ ঘৰলৈ ওভতি নহাত চিন্তিত হৈ পৰে পৰিয়ালবৰ্গ৷
পিছত স্বামী ৰোহিটন বসুমতাৰী কৰ্মস্থলীৰ পৰা ওভতি আহি পত্নীক ঘৰত নাপাই বিভিন্ন ঠাইৰ আত্মীয়ৰ ঘৰত খবৰ কৰিও পত্নীৰ কোনো সন্ধান নাপালে৷ দুদিন ধৰি নিৰুদ্দিষ্ট পত্নীৰ কোনো শুংসূত্ৰ উলিয়াব নোৱাৰি অৱশেষত স্বামী ৰোহিটন বসুমতাৰীয়ে ইটাখোলা আৰক্ষীৰ কাষ চাপে ৷
ইটাখোলা আৰক্ষীয়ে স্বামীৰ এজাহাৰৰ ভিত্তিত নিৰুদ্দেশ সম্পৰ্কীয় এক গোচৰ পঞ্জীয়ন কৰি তদন্তত অব্যাহত ৰাখিছে৷ স্বামী ও পৰিয়ালবৰ্গই ৰীতা বসুমতাৰীৰ কোনো সন্ধান পালে স্থানীয় আৰক্ষীক অৱগত কৰিবলৈ আহ্বান জনাইছে।
লগতে পঢ়ক : Huge quantity of heroin seized in Meghalaya : মেঘালয়ত নৈশ বাছৰ পৰা জব্দ ৪৫৮ গ্ৰাম হেৰ’ইন