Woman goes missing : ১০দিনে সন্ধান নাই ঢেকিয়াজুলিৰ বৰষা দৈমাৰী ৰাভাৰ
নিউজ ডেস্ক,২৫মে’ : ৰাজ্যত পুনৰ নিৰুদ্দেশৰ ঘটনা । ৰাজ্যত দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে নিৰুদ্দেশৰ ঘটনা । ধাৰাবাহিকভাৱে সংবাদ মাধ্যমৰ শিৰোনামা দখল কৰি আহিছে নিৰুদ্দেশৰ ঘটনাই । এটাৰ পিছত আন এটা নিৰুদ্দেশৰ ঘটনাই জোকাৰি গৈছে ৰাজ্য(Woman goes missing)। এতিয়াও কোনো শুংসূত্ৰ নাই সন্ধানহীন হোৱা বহু যুৱতী, বোৱাৰী আৰু মহিলাৰ ৷
ৰাজ্যৰ অন্য প্ৰান্তৰ সমান্তৰালভাৱে ঢেকিয়াজুলিৰ ৰাক্ষসমাৰীৰ বোৱাৰী নিৰুদ্দেশ । প্ৰানজিৎ ৰাভাৰ পত্নী বৰষা দৈমাৰী ৰাভাৰ নামৰ বোৱাৰী নিৰুদ্দেশ । বিগত ১০দিনে ৰহস্যজনকভাৱে সন্ধানহীন হৈ আছে মহিলাগৰাকী ।
জানিব পৰা মতে ঢেকিয়াজুলিৰ সতীৰ্থ বয়ন শিল্প উদ্যোগত তাঁতশালত গামোচা তৈয়াৰ কৰিবলৈ গৈছিল । তাৰ পিছৰে পৰা সন্ধান নাই মহিলাগৰাকীৰ । বৰষা দৈমাৰী ৰাভা ৪বছৰীয়া সন্তানৰ মাতৃ ।
ঘটনা সংক্ৰান্তত ৰাক্ষসমাৰী আৰক্ষী চকীত এজাহাৰ দাখিল কৰাৰ পিছতো আৰক্ষীয়ে কোনো তথ্য লাভ কৰা নাই পৰিয়ালৰ লোকে ৷ এই সন্দৰ্ভত শোণিতপুৰ জিলা ৰাভা ছাত্ৰ সন্থাই আৰক্ষী প্ৰশাসনক অনুসন্ধান কৰি বোৱাৰীগৰাকীক উদ্ধাৰ কৰাৰ দাবী জনায় ৷
লগতে পঢ়ক : Woman goes missing : চাৰি বছৰীয়া কন্যা সন্তানসহ নিৰুদ্দেশ মহিলা