Local, Vocal, Global

Woman goes missing : বিগত পাঁচ দিন ধৰি সন্ধানহীন ৰহাৰ দিঘলীআটিৰ বিবাহিতা মহিলা

নিউজ ডেস্ক,১৮মে’ : বিগত পাঁচ দিন ধৰি সন্ধানহীন বিবাহিতা মহিলা। ১৩ মে’ৰ পৰা সন্ধানহীন ৰহাৰ দিঘলীআটিৰ এগৰাকী মহিলা ।সন্ধানহীন মহিলাগৰাকী ৰহাৰ দিঘলীআটিৰ ৰহিম‍উদ্দিন আলী নামৰ যুৱক জনৰ পত্নী চুলতানা বেগম(Woman goes missing) ।

সন্ধানহীন মহিলাগৰাকীৰ স্বামীয়ে জানিবলৈ দিয়া অনুসৰি, ১৩ মে’ৰ দিনা তেওঁৰ পত্নী চুলতানা বেগম ঘৰৰ পৰা চিকিৎসালয়লৈ বুলি ওলাই গৈছিল আৰু তেতিয়াৰ পৰাই মহিলাগৰাকী নিৰুদ্দেশ হৈ আছে।মহিলাগৰাকীৰ এটি চাৰিবছৰীয়া কন্যা সন্তানো আছে।

ইপিনে ১৩ তাৰিখৰ পৰা বিভিন্ন স্থানত বিচাৰ,খোচাৰ কৰি নিজ পত্নীক নোপোৱাত ৰহা আৰক্ষী থানাত এজাহাৰ দাখিল কৰে ৰহিম‍উদ্দিন আলীয়ে। আৰক্ষীয়েও বৰ্তমান পৰ্যন্ত সন্ধান উলিয়াব পৰা নাই চাৰি বছৰীয়া সন্তানৰ মাতৃগৰাকীৰ।

কোনো সদাশয় ব্যক্তিয়ে তেওঁৰ পত্নীৰ সন্ধান পালে ৭৬৩৫৯ ৩৪৮৬২ নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে ৰহিম‍উদ্দিন আলীয়ে।

লগতে পঢ়ক : Sensational Incident : নৈত পৰি সলিল সমাধি ৫৫বছৰীয়া ব্যক্তিৰ