Local, Vocal, Global

WATCH | Woman goes missing : গোৰেশ্বৰৰ কলবাৰীত নিৰুদ্দেশ এগৰাকী মহিলা

গোৰেশ্বৰ,৬মে’ : গোৰেশ্বৰৰ কলবাৰীত নিৰুদ্দেশ এগৰাকী মহিলা ।

সোমবাৰে সন্ধিয়াৰ পৰা নিৰুদ্দেশ হৈ আছে কলবাৰী গাঁৱৰ মমী ৰাজবংশী নামৰ মহিলাগৰকী ।

জানিব পৰা মতে, ঘৰ পিছফালৰ পথাৰত গৰু নিবলৈ আহিছিল মহিলাগৰাকী আৰু তাৰ পিছৰে পৰা নিৰুদ্দেশ হয়।

মহিলা গৰাকীক ধৰ্ষণ কৰি জংঘলৰ মাজত হত্যা কৰাৰ সন্দেহ চুবুৰীয়া ৰাইজৰ ।

ঘটনাস্থলীত গোৰেশ্বৰ আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত(Woman goes missing)।

আৰক্ষীয়ে সোধপোচৰ বাবে আটক কৰে এজন যুৱকক।

আটকাধীন যুৱকজনৰ নাম একে গাঁৱৰে কল্যাণ ৰাজবংশী।

অভিযুক্ত যুৱকজনৰ ঘৰ উত্তেজিত ৰাইজে ভাঙি লণ্ড ভণ্ড কৰে।

ধৃত যুৱকজন পূৰ্বৰে পৰা অঞ্চলটোত বিভিন্ন অপৰাধজনিক কাৰ্যত জড়িত।

হাবিৰ মাজত আৰক্ষীয়ে স্ফিনাৰ ড’গলৈ মাৰাথান অভিযান অব্যাহত ৰাখিছে।

লগতে পঢ়ক : WATCH | Massive fire breaks out : জামুগুৰিহাটৰ মধুপুৰস্থিত জামুগুৰি আদৰ্শ বিদ্যালয়ত ভয়ংকৰ অগ্নিকাণ্ড