Local, Vocal, Global

WATCH | Woman goes missing : ৰঙিয়া জংচনৰ ৪ নম্বৰ প্লেটফৰ্মৰ পৰা নিৰুদ্দেশ‌ এগৰাকী মহিলা

ৰঙিয়া,১৭ এপ্ৰিল : ৰঙিয়া জংচনৰ ৪ নম্বৰ প্লেটফৰ্মৰ পৰা নিৰুদ্দেশ‌ এগৰাকী মহিলা।নিৰুদ্দেশ মহিলা গৰাকীৰ নাম পদম কুমাৰী নেউপানী বয়স ৭৩বছৰ।

ঘটনাৰ বিৱৰণী অনুসৰি ওদালগুৰিৰ পৰা জলপাইগুৰি অভিমুখে ট্ৰেইনেৰে আহিছিল ছয় জনকৈ লোক। কিন্তু ৰঙিয়া ষ্টেচন পোৱাৰ লগে ট্ৰেইনখন‌ ৰখাত ৰহস্যজনক ভাৱে নিৰুদ্দেশ‌ হয় পদম কুমাৰী নামৰ মহিলা গৰাকী‌।পিছত পৰিয়ালৰ লোকে বহু বিচাৰ খোচাৰ কৰে যদিও এতিয়ালৈ কোনো ধৰণৰ সন্ধান লাভ কৰিব পৰা নাই মহিলা গৰাকীৰ।

আনহাতে মহিলা গৰাকীয়ে ট্ৰেইনৰ পৰা নামি যোৱা সমগ্ৰ দৃশ্য চি চি টিভি কেমেৰাত প্ৰত্যক্ষ কৰে বুলি প্ৰকাশ কৰে পৰিয়ালৰ লোকে । ইতিমধ্যেই উপায়ন্তৰ হৈ ৰঙিয়া আৰক্ষীৰ কাষ চাপিছে পৰিয়ালৰ লোকে আৰু দাখিল কৰিছে এজাহাৰ। আনহাতে কোনো ব্যাক্তিয়ে যদি মহিলা গৰাকীৰ সন্ধান লাভ কৰে তেন্তে ৬৩৬৩২৫০৭৭৪ নতুবা ৭২০৯৭৫০৭৬৩ নম্বৰত যোগাযোগ কৰিবলৈ আনুৰোধ‌ জনাইছে পৰিয়ালৰ লোকে(Woman goes missing)।

লগতে পঢ়ক : WATCH | Mamata Banerjee : মুছলমানৰ পক্ষত মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী