Woman goes missing : ১২ দিনে সন্ধানহীন সৰস্বতী গোস্বামী
চাপৰ,২২আগষ্ট : ৰাজ্যত পুনৰ নিৰুদ্দেশৰ ঘটনা । ৰাজ্যত দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে নিৰুদ্দেশৰ ঘটনা । ধাৰাবাহিকভাৱে সংবাদ মাধ্যমৰ শিৰোনামা দখল কৰি আহিছে নিৰুদ্দেশৰ ঘটনাই । এটাৰ পিছত আন এটা নিৰুদ্দেশৰ ঘটনাই জোকাৰি গৈছে ৰাজ্য(Woman goes missing)।
ৰাজ্যৰ অন্য প্ৰান্তৰ সমান্তৰালকৈ এইবাৰ চাপৰৰ শালকোচাৰ খামাৰপাৰাত বোৱাৰী নিৰুদ্দেশৰ ঘটনা। বিগত ১২ দিনে সন্ধান নাই খামাৰপাৰা গাঁৱৰ ধ্ৰুবলোচন নাথৰ পত্নী সৰস্বতী গোস্বামীৰ।
জানিব পৰা মতে, ১০ আগষ্টত পুৱা ৪ বজাত স্বামী গৃহৰ পৰা নিৰুদ্দেশ হৈ পৰে দুই সন্তানৰ মাতৃ সৰস্বতী গোস্বামী নামৰ মহিলাগৰাকী। পত্নীক বিচাৰি স্বামী ধ্ৰুৱলোচন নাথে বিভিন্ন স্থানত বিচাৰিছিল যদিও পত্নী সৰস্বতী গোস্বামীৰ কোনো সন্ধান নাপাই আৰক্ষীৰ কাষ চাপিলে। ঘটনা সন্দৰ্ভত স্বামী ধ্ৰুৱলোচন নাথে শালকোচা আৰক্ষী চকীত দাখিল কৰে এজাহাৰ।
পত্নী সৰস্বতী গোস্বামীয়ে এটি কণমানি পুত্ৰ সন্তান আৰু এগৰাকী কণমানি কন্যা সন্তানক এৰি থৈ নিৰুদেশ হৈ পৰাৰ পিছত চৰম বিপদৰ সন্মুখীন হৈছে স্বামী ধ্ৰুৱলোচন নাথ। এতিয়া কণকণ দুই সন্তানক লগত লৈ পত্নীক বিচাৰি পথে পথে ঘূৰিছে দুৰ্ভোগীয়া স্বামী ধ্ৰুৱলোচন নাথে। স্বামী ধ্ৰুৱলোচন নাথে পত্নী সৰস্বতী গোস্বামীক কণকণ দুই সন্তানৰ পিনে চাই ঘৰ লৈ উভতি আহিবলৈ কাতৰ অনুৰোধ জনাইছে।
লগতে পঢ়ক :Unidentified Body Found in Jorhat : উৱলি যোৱা অৱস্থাত গটঙা চাহ বাগিছাত উদ্ধাৰ অচিনাক্ত মৃতদেহ