woman from Nepal assaulted on suspicion of child trafficking : সোপাধৰাৰ সন্দেহত মহিলাক অমানৱীয় অত্যাচাৰ ৰাইজৰ

নিউজ ডেস্ক,২৭মাৰ্চ : সোপাধৰাৰ সন্দেহত মহিলাক অমানৱীয় অত্যাচাৰ উন্মত্ত জনতাৰ( woman from Nepal assaulted on suspicion of child trafficking) ।
ডিমা হাচাও জিলাৰ হাফলঙত সংঘটিত হৈছে এক জঘন্য ঘটনাটো। সোমৱাৰে নিশা ল’ৱাৰ হাফলং বজাৰত সংগঠিত এই ঘটনাটো। সোপাধৰাৰ সন্দেহত নিৰীহ মহিলাক উন্মত্ত জনতাৰ অমানৱীয় আক্ৰমণ কৰে।
জানিব পৰা মতে, নেপালৰ পৰা ল’ৱাৰ হাফলঙৰ থকা আত্মীয়ৰ ঘৰত ফুৰিবলৈ অহা এগৰাকী নেপালী মহিলাক শিশু সৰবৰাহকাৰীৰ সন্দেহত একাংশ উন্মত্ত স্থানীয় পুৰুষ-মহিলাৰ অমানৱীয় আক্ৰমন কৰে।
উল্লেখ্য যে,নেপালৰ পৰা ল’ৱাৰ হাফলঙৰ থকা আত্মীয়ৰ ঘৰলৈ ফুৰিবলৈ অহা মহিলাগৰাকীয়ে অঞ্চলটোৰ এটা শিশুক মৰমতে খাদ্য দিছিলে । সেই সামগ্ৰীক লৈ সন্দেহৰ বশৱৰ্তী হৈ স্থানীয় লোক সকলে আক্ৰমন কৰে মহিলা গৰাকীক(woman from Nepal assaulted on suspicion of child trafficking In Haflong)।
উন্মত্ত জনতাৰ আক্ৰমণত গুৰুতৰ ভাৱে আহত হয় মহিলাগৰাকী । আহত মহিলগৰাকীক আৰক্ষীয়ে উদ্ধাৰ কৰি হাফলং চিকিৎসালয়ত ভৰ্তি কৰাই।
ইফালে মহিলা গৰাকীক আক্ৰমণৰ সময়ত উদ্ধাৰৰ বাবে যোৱা আৰক্ষীকো আক্ৰমন কৰে উন্মত্ত ৰাইজে।ৰাইজৰ আক্ৰমণত আহত কেইবাগৰাকী আৰক্ষী বিষয়া-জোৱান।এগৰাকী আৰক্ষী জোৱানক গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে।
এই ঘটনা সন্দৰ্ভত আৰক্ষীয়ে গ্ৰেপ্তাৰ চাৰি গৰাকী মহিলা সহ মুঠ সাতটাকৈ অভিযুক্তক।
লগতে পঢ়ক : UPPL Leader Found Sleeping On ‘Bed of Cash’ : টকাৰ বিচনাত শোৱে ভৈৰাগুৰিৰ VCDCৰ অধ্যক্ষ বেঞ্জামিন বসুমতাৰীয়ে