Woman from Assam is on a solo world tour on a bike : ৬৭ খন ৰাষ্ট্ৰ ভ্ৰমণৰ কৰি উত্তৰ-পূৰ্বাঞ্চল তথা অসমক বিশ্বৰ আগত চিনাকী কৰাই দিয়াৰ লক্ষ্য মীনাক্ষী দাসৰ
নিউজ ডেস্ক,২১আগষ্ট : মিনাক্ষী দাস। এগৰাকী অসমৰ বিশেষ মহিলা বাইক ৰাইডাৰ। এগৰাকী যুঁজাৰু মানসিকতাৰ মহিলা অসম কন্যা তথা গুৱাহাটীৰ বাসিন্দা মীনাক্ষী দাস(Woman from Assam is on a solo world tour on a bike)।
বাইকেৰে বিশ্বৰ ৬৭ খন ৰাষ্ট্ৰ ভ্ৰমণৰ লক্ষ্য লৈছিল মিনাক্ষী দাসে । ৬৭ খন ৰাষ্ট্ৰ ভ্ৰমণৰ লক্ষ্যৰে যাত্ৰা আৰম্ভ কৰা মিনাক্ষীয়ে ইতিমধ্যে ৫৩ খন দেশ ভ্ৰমণ সম্পূৰ্ণ কৰিছে ৷এই ভ্ৰমণ আছিল মিনাক্ষীৰ অকলশৰীয়া ।
অকলশৰে বাইকেৰে ভ্ৰমণ কৰাৰ ক্ষেত্ৰত মিনাক্ষীয়ে বিভিন্ন প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে, যদিও সকলো বাধা-প্ৰত্যাহ্বান নেওচি কেৱল লক্ষ্যৰ দিশে ধাৱমান হৈ ইতিমধ্যে মিনাক্ষী উপস্থিত হৈছে ৰাছিয়াত ৷
উল্লেখ্য যে, মীনাক্ষী দাসৰ যাত্ৰা গুৱাহাটীৰ পৰা বাইকেৰে নেপাললৈ ৰাওনা হৈছিল আৰু তাৰ পৰা মুম্বাইলৈ গৈছিল । মুম্বাইৰ পৰা তেওঁ বিমানেৰে ডুবাইলৈ গৈ বাইকেৰে ৬৭ খন ৰাষ্ট্ৰৰ ভ্ৰমণৰ বাবে সূচী আৰম্ভ কৰিছিল । ডুবাইৰ পৰা সংযুক্ত আৰৱ আমিৰ শ্বাহী, কাটাৰ, বাহৰেইন, চৌদি আৰৱ, জৰ্ডান, ইৰাক, ইৰাণ, আজাৰবাইজান, আৰ্মেনিয়া, জৰ্জিয়া, তুৰস্ক, বুলগেৰিয়া, ৰোমানিয়া, মলডোভা, শ্ল’ভাকিয়া, হাংগেৰী, ছাৰ্বিয়া, মেচিডনিয়া, গ্ৰীচ, আলবেনিয়া, ক্ৰ’ৱেচিয়া, শ্ল’ভেনিয়া, অষ্ট্ৰিয়া, জাৰ্মানী, ফ্ৰান্স, আয়াৰলেণ্ডকে ধৰি ৫৩ খন ৰাষ্ট্ৰ ভ্ৰমণ কৰি শেহতীয়াকৈ ৰাছিয়াত উপস্থিত হৈছে(Meenakshi, a fitness trainer from Guwahati touring the world on two wheels)।
বাইকেৰে বিশ্বৰ ৬৭ খন দেশ ভ্ৰমণৰ লক্ষ্য লৈছে গুৱাহাটীৰ মীনাক্ষীয়ে ৷ বিগত বৰ্ষৰ ১৭ ডিচেম্বৰতে মীনাক্ষী দাসে গুৱাহাটীৰ পৰা আৰম্ভ কৰিছিল এই যাত্ৰা । চলিত বৰ্ষৰ ডিচেম্বৰতে মীনাক্ষীয়ে এই একক বিশ্বমুখী ভ্ৰমণৰ পৰিসমাপ্তি ঘটোৱাৰ লক্ষ্য লৈছে । ৬৭ খন দেশ ভ্ৰমণ কৰি বিশ্ব ৰেকৰ্ড কৰাৰ লগতে উত্তৰ-পূৰ্বাঞ্চল তথা অসমক বিশ্বৰ আগত চিনাকী কৰাই এই ভ্ৰমণৰ লক্ষ্য বুলি জনাইছে মীনাক্ষী দাসে(Meenakshi traverses through 53 countries so far including UK) ৷