Woman Found Dead in a Hotel Room : ধেমাজিৰ শিখা হোটেলৰ ১৮ নম্বৰ কোঠাত উদ্ধাৰ মহিলাৰ মৃতদেহ

ধেমাজি, ১১জানুৱাৰী : বিলাসী হোটেলত ৰহস্যজনকভাৱে উদ্ধাৰ মহিলাৰ মৃতদেহ । ঘটনা সন্দৰ্ভত তীব্ৰ চাঞ্চল্য(Woman Found Dead in a Hotel Room) ।
ধেমাজিত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা । বুধবাৰে ধেমাজিৰ শিখা হোটেলৰ ১৮ নম্বৰ কোঠালিত উদ্ধাৰ এগৰাকী মহিলাৰ মৃতদেহ । ওলমি থকা অৱস্থাত উদ্ধাৰ মৃতদেহ। মৃত মহিলা গৰাকীৰ ঘৰ তিতাবৰত বুলি জানিব পৰা গৈছে(Woman Found Dead in a Hotel Room in Dhemaji) ।
উল্লেখ্য যে, তিতাবৰৰ পৰা ধেমাজিলৈ আহিছিল এগৰাকী মহিলা আৰু ধেমাজিৰ শিখা হোটেলৰ এটা কোঠা লৈছিল। সেই কোঠাতে চৰম সিদ্ধান্ত ল’লে মহিলাগৰাকীয়ে। হোটেলৰ কোঠাতে নিজৰ জীৱন ত্যাগ কৰিলে মহিলাগৰাকীয়ে । ধেমাজিৰ শিখা হোটেলৰ কোঠালিত ওলমি থকা অৱস্থাত উদ্ধাৰ হয় মহিলগৰাকীৰ মৃতদেহ । মৃত মহিলাগৰাকী তিতাবৰৰ পল্লৱী শইকীয়া বুলি জানিব পৰা গৈছে ৷ মৃত পল্লৱী শইকীয়া বিবাহিত আছিল ।
কিন্তু কিয় এই চৰম সিদ্ধান্ত ল’লে পল্লৱী শইকীয়াই তাক লৈ এতিয়া চাঞ্চল্যৰ সৃষ্টি কৰিছে(Dead Body Found in Dhemaji) ।
জানিব পৰা মতে, বুধবাৰে প্ৰেমৰ বাবেই মৃত পল্লৱী শইকীয়াই ধেমাজিত আহি উপস্থিত হৈছিল ৷ কেশৱ গগৈ নামৰ এজন যুৱকক লগ পাবৰ বাবে তেওঁ ইয়ালৈ আহিছিল।কিন্তু পল্লৱীয়ে ফোন বহু সময় ধৰি ৰিচিভ নকৰাত যুৱকজনে হোটেললৈ আহিছিল আৰু হোটেলৰ কোঠাৰটোৰ দুৱাৰৰ ফুটাৰে পল্লৱীক ওলমি থকা অৱস্থাত দেখা পাই যুৱকজনে আৰু আৰক্ষীক অৱগত কৰে। ইপিনে আৰক্ষীয়ে নিশাই যুৱকজনক সোধ পোচৰ বাবে থানালৈ লৈ যায় । অৱশ্যে, মহিলাগৰাকীৰ মৃত্যুত যুৱকজনৰ সৈতে কি সম্পৰ্ক আছে সেই বিষয়ে বৰ্তমানলৈ জানিব পৰা হোৱা নাই।
আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে ।কিহৰ বাবে এই ঘটনা সংঘটিত হ’ল এতিয়াও জানিব পৰা হোৱা নাই।এয়া আত্মহত্যা নে হত্যা ইয়াক লৈ সৃষ্টি হৈছে ৰহস্যৰ। ঘটনাৰ তদন্তৰ অন্তত হে পোহৰলৈ আহিব প্ৰকৃত ঘটনাৰ ৰহস্য ।
লগতে পঢ়ক : Cash 14 Lakhs Seized in Sonari : সোণাৰিত এটা ঘৰত ওলাইছে লাখ লাখ টকা