Local, Vocal, Global

Woman Falls To Death Off Eighth Floor Of Guwahati High Rise : গুৱাহাটী মহানগৰীত চাঞ্চল্যকৰ ঘটনা

নিউজ ডেস্ক,২৪মাৰ্চ : গুৱাহাটী মহানগৰীত চাঞ্চল্যকৰ ঘটনা। অষ্টম মহলাৰ পৰা পৰি মৃত্যু মহিলাৰ(Woman Falls To Death Off Eighth Floor Of Guwahati High Rise)।

মহানগৰীৰ ধীৰেনপাৰাত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনাটো । ধীৰেনপাৰাৰ সূৰ্য ভাটিকা এপাৰ্টমেণ্টত সংঘটিত হয় ঘটনাটো।

জানিব পৰা মতে, মৃত মহিলাগৰাকীৰ নাম সবিতা আগৰৱালা।এই ভয়ংকৰ ঘটনাটো সংঘটিত হোৱাৰ পিছতে ফটাচিল আমবাৰী আৰক্ষী ঘটনাস্থলীত উপস্থিত হয়। আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে আৰু ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰে(Woman Falls To Death Off Eighth Floor Of Guwahati High Rise)।

কিন্তু বৰ্তমানেও জানিব পৰা হোৱা নাই এই ভয়ংকৰ ঘটনাটো কেনেকৈ সংঘটিত হ’ল ।

লগতে পঢ়ক : JK Police Busts JeM Terror Module In Srinagar : জম্মু-কাশ্মীৰৰ শ্ৰীনগৰত জব্দ বুজন পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ; গ্ৰেপ্তাৰ ৪ সন্ত্ৰাসবাদী