Local, Vocal, Global

Woman died in dengue in guwahati: পুনৰ মহানগৰীত ডেংগিত আক্ৰান্ত হৈ মহিলাৰ মৃত্যু

নিউজ ডেস্ক,২৩অক্টোবৰ: পুনৰ মহানগৰীত ডেংগিৰ প্ৰাদুৰ্ভাৱ।মহানগৰীত ডেংগিৰ প্ৰাদুৰ্ভাৱক লৈ শংকিত এতিয়া মহানগৰবাসী।

খবৰ অনুসৰি,মঙলবাৰে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন অৱস্থাতে মৃত্যু হয় ডেংগিত আক্ৰান্ত এগৰাকী মহিলাৰ। মৃত মহিলাগৰাকীৰ নাম সুনিতা বসুমতাৰী। ঘৰ গুৱাহাটীৰ ভাস্কৰনগৰত(Woman died in dengue in guwahati)।

উল্লেখ্য যে দীৰ্ঘদিন ধৰি গুৱাহাটীৰ ভাস্কৰনগৰ অঞ্চলত বৃদ্ধি পাইছে ডেংগিৰ প্ৰাদুৰ্ভাৱ।বৰ্তমানো GMCHত চিকিৎসাধীন হৈ আছে ডেংগীত আক্ৰান্ত কেইবাজনো লোক।ভাস্কৰ নগৰৰ একেটা পৰিয়ালৰে ৫জন সদস্য আক্ৰান্ত হৈছে ডেংগিত। কিন্তু ইমানৰ পিছতো কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ প্ৰশাসনৰ বিৰুদ্ধে।

লগতে পঢ়ক :AGP leader partha pratim bora will resign: অগপ ত্যাগ কৰিব পাৰ্থপ্ৰতিম বৰাই!