Woman Cuts off Boyfriend Genitals: হাবিলৈ মাতি নি প্ৰেমিকৰ যৌনাংগ কাটিলে বিবাহিত মহিলাই !

নেশ্যনেল ডেস্ক, ২৭ জুন: এক নাভূত-নাশ্ৰুত কাণ্ড । বিকৃত মানসিকতাৰ চৰম পৰিণতি । এগৰাকী বিবাহিতা মহিলাই প্ৰেমিকক হাবিলৈ মাতি নি তেওঁৰ যৌনাংগটো কাটি পেলোৱাৰ এক গুৰুতৰ অভিযোগ উত্থাপিত হৈছে । উত্তৰ প্ৰদেশৰ বুলন্দশহৰত সংঘটিত হৈছে এই চাঞ্চল্যকৰ ঘটনাটো । ঘটনাটোৰ পিছতে যুৱকজনক এখন ব্যক্তিগত খণ্ডৰ চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও অৱস্থা সংকটজনক দেখি তেওঁক দিল্লীলৈ প্ৰেৰণ কৰা হয় । ইফালে পলাতক হৈ থকা অভিযুক্ত মহিলাগৰাকীৰ সন্ধানত আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে ।
জাহাংগীৰাবাদ থানাৰ অন্তৰ্গত এটা অঞ্চলত সংঘটিত হৈছে এই নৃশংস ঘটনাটো । জানিব পৰা মতে, প্ৰেমিকজনক লগ কৰিবলৈ বিবাহিতা মহিলাগৰাকীয়ে ফোন কৰিছিল । কিন্তু অভিযোগ অনুসৰি দুয়োৰে মাজত হোৱা কাজিয়াৰ পৰিণতিত বিবাহিত প্ৰেয়সীয়ে চোকা অস্ত্ৰৰে প্ৰেমিক যুৱকৰ যৌনাংগটো কাটি পেলায় (Woman Cuts off Boyfriend Genitals) । ইফালে আহত যুৱকজনৰ ভনী জোঁৱায়েকে অভিযুক্ত মহিলাগৰাকীৰ বিৰুদ্ধে জাহাংগীৰাবাদ থানাত ঘটনা সন্দৰ্ভত এটা গোচৰ ৰুজু কৰিছে ।
প্ৰসংগক্ৰমে উল্লেখ কৰিব লাগিব যে, দুবছৰ পূৰ্বে জাহাংগীৰাবাদ থানাৰ অন্তৰ্গত এখন গাঁৱৰ বাসিন্দা যুৱতীগৰাকীয়ে জাহাংগীৰাবাদৰ এজন যুৱকৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল । তেওঁলোকৰ বিবাহিত জীৱনটো ভালদৰেই চলি আছিল । অৱশ্যে ইয়াৰ মাজতে মহিলাগৰাকীয়ে স্বামী গৃহৰ চুবুৰীয়া যুৱক এজনৰ সৈতে বিবাহ বহিৰ্ভূত প্ৰেমৰ সম্পৰ্ক স্থাপন কৰাৰ অভিযোগ উত্থাপন হৈছে । তাৰ পিছত এখন নতুন সংসাৰ গঢ়াৰ সিদ্ধান্তৰে দুয়ো নিজৰ নিজৰ ঘৰৰ পৰা পলাই যায়। দুমাহ পূৰ্বে পলায়ন কৰা দুয়োৰে মাজত কাজিয়া আৰম্ভ হয় আৰু এসপ্তাহ পূৰ্বে ঘৰলৈ উভতি আহিছিল । ঘৰলৈ উভতি অহাৰ পিছত মহিলাগৰাকীয়ে পুনৰ পূৰ্বৰ স্বামীৰ লগত থাকিবলৈ আৰম্ভ কৰে ।
কিন্তু প্ৰেমিকজনৰ ওপৰত ক্ষুব্ধ হৈ আছিল মহিলাগৰাকী । জানিব পৰা মতে, সোমবাৰে নিশা প্ৰায় আঠ বজাত মহিলাগৰাকীয়ে প্ৰেমিক যুৱকক ফোন কৰি জাহাংগীৰাবাদত অৱস্থিত এখন বিদ্যালয়ৰ পিছফালে থকা হাবিডৰালৈ মাতি লৈ যায় । সেই স্থানতো দুয়োৰে মাজত কাজিয়া আৰম্ভ হয় আৰু তাৰ পিছত মহিলাগৰাকীয়ে লগত নিয়া চোকা অস্ত্ৰৰে প্ৰেমিক যুৱকৰ যৌনাংগটো কাটি পেলোৱা বুলি অভিযোগ উঠিছে ।
ৰক্তাক্ত অৱস্থাতে যুৱকজনে হাবিৰ পৰা দৌৰি কাষৰে এখন নাৰ্চিং হোমলৈ যায় । নাৰ্চিং হোমখনত প্ৰাথমিক চিকিৎসা কৰাৰ অন্তত তেওঁৰ অৱস্থা অধিক সংকটজনক হোৱা দেখি চিকিৎসকে তেওঁক দিল্লীৰ এখন ব্যক্তিগত চিকিৎসালয়লৈ প্ৰেৰণ কৰে । পৰৱৰ্তী সময়ত আহত প্ৰেমিক যুৱকৰ জোঁৱাইয়েকে মহিলাগৰাকীৰ বিৰুদ্ধে জাহাংগীৰাবাদ থানাত এটা গোচৰ ৰুজু কৰে ।
থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া আদিত্য বংশালে উল্লেখ কৰা অনুসৰি, ভুক্তভোগী যুৱকজনৰ ভনী জোঁৱায়েকৰ অভিযোগৰ ভিত্তিত অভিযুক্ত মহিলাগৰাকীৰ বিৰুদ্ধে এটা গোচৰ ৰুজু কৰা হৈছে । বৰ্তমান অভিযুক্ত মহিলাগৰাকী পলাতক অৱস্থাত আছে যদিও তেওঁৰ সন্ধানত আৰক্ষীয়ে অভিযান চলাই আছে । লগতে আৰক্ষীয়ে অতি শীঘ্ৰেই মহিলাগৰাকীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হ’ব বুলি জানিবলৈ দিয়ে ।
লগতে পঢ়ক: Violence hit Manipur: সংঘৰ্ষজৰ্জৰ মণিপুৰলৈ নি থকা থকাৰ অৱস্থাত জব্দ অস্ত্ৰ-শস্ত্ৰ, বিস্ফোৰক