woman attacks on her husband : স্বামীৰ মুখত এচিড ঢালিলে পত্নীয়ে

নেশ্যনেল ডেস্ক, ২৩অক্টোবৰ : নিশা শুই থকা অৱস্থাত স্বামীৰ মুখত এচিড ঢালিলে পত্নীয়ে(woman attacks on her husband) । সংকটজনক অৱস্থাত চিকিৎসালয়ত ভৰ্তি ভুক্তভোগী লোকজন । ইফালে ৰঙাঘৰৰ আলহী মহিলগৰাকী । পিছে এনে কি পৰিস্থিতিৰ সৃষ্টি হ’ল যাৰ বাবে পত্নীয়ে স্বামীৰ মুখত এচিড ধালিবলৈ বাধ্য হ’ল । এগৰাকী পত্নীয়ে স্বামীক কৰিলে অত্য়াচাৰ । অতিষ্ঠ হ’ল স্বামী দাখিল কৰিলে এজাহাৰ(Woman Attacks on her Husband with Acid) ।
এই ঘটনা সংঘটিত হৈছে উত্তৰ প্ৰদেশত । উত্তৰ প্ৰদেশৰ মীৰাটৰ লীসাড়ি গেট আৰক্ষী থানাৰ অন্তৰ্গত এটা অঞ্চলত সংঘটিত হৈছিল এই ভয়ংকৰ ঘটনাটো ।
জানিব পৰা মতে,স্বামী শুই থকা অৱস্থাত এচিডেৰে আক্ৰমণ কৰে পত্নীয়ে । পত্নীৰ বিৰুদ্ধে এই গুৰুতৰ অভিযোগ তুলিছে ভুক্তভোগীয়ে(police arrested woman who threw acid on her husband ) ।
ভুক্তভোগীৰ মতে, তেওঁৰ পত্নীয়ে প্ৰায়ে তেওঁৰ সৈতে কাজিয়াত লিপ্ত কৰে । কাজিয়াৰ পিছত পত্নীয়ে তেওঁৰ ওপৰত শাৰীৰিক নিৰ্যাতন চলাই বুলি স্বামীয়ে অভিযোগ কৰে । আনকি তেওঁৰ ওপৰত পত্নীয়ে দমনমূলক আচৰণো কৰে বুলিও কয় আৰু আন লোকৰ সৈতে কথা পাতিবলৈ বাধা প্ৰদান কৰে। পত্নীয়ে প্ৰতিদিনে তেওঁৰ সৈতে সৰু সৰু বস্তুক লৈ কাজিয়া কৰে । অৱশেষত ১৯ অক্টোবৰত তেওঁ শুই থকা সময়তে মুখমণ্ডলত আক্ৰমণ কৰে । পত্নীয়ে এই ঘটনা সংঘটিত কৰি পলায়ন কৰে বুলি জানিব পৰা যায়( woman attacks on her husband with acid ) ।
এই ঘটনাৰ পিছতে পৰিয়াললোকে স্থানীয় লোকসকলৰ সহযোগত ভুক্তভোগী লোকজনক চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে । সৌভাগ্যক্ৰমে এই ভয়ংকৰ ঘটনাৰ পিছত তেওঁৰ চকুযুৰি ৰক্ষা পৰে ।
এই ঘটনাৰ পাছতে ভুক্তভোগী স্বামীয়ে স্থানীয় আৰক্ষী থানাত অভিযুক্ত পত্নীৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে ।
ইফালে স্বামীৰ অভিযোগৰ ভিত্তিত মেৱগড়ীৰ বাসিন্দা মহিলাগৰাকীৰ বিৰুদ্ধে ধাৰা ৩২৬এ/৩২৩ আইপিচিৰ অধীনত ভুক্তভোগীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰে ।
গোচৰ ৰুজুৰ পিছতে পলাতক হৈ থকা পত্নীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ।
আৰক্ষীয়ে জনোৱা অনুসৰি, শ্যাম নগৰৰ ১২ নম্বৰ ৰোডৰ পৰা মহিলাগৰাকীক গ্ৰেপ্তাৰ কৰে । ইফালে ধৃত মহিলাগৰাকীক আদালতে কাৰাগাৰলৈ প্ৰেৰণ কৰে ।
লগতে পঢ়ক : Operation Ajay : সংঘৰ্ষ জৰ্জৰিত ইজৰাইলৰ পৰা ভাৰতলৈ উভতি আহিল ষষ্ঠখন ‘অপাৰেচন অজয়’