Woman attacked by miscreants in Guwahati city:গুৱাহাটী মহানগৰীত কিমান সুৰক্ষিত মহিলা, যুৱতী?

নিউজ ডেস্ক,২৬ডিচেম্বৰ : গুৱাহাটী মহানগৰীত কিমান সুৰক্ষিত মহিলা, যুৱতী? দিন দুপৰতে মহানগৰীৰ মাজমজিয়াত মহিলা,যুৱতীক আক্ৰমণ দুৰ্বৃত্তৰ।
পুনৰ মহানগৰীৰ দিছপুৰ লাষ্টগেটৰ নাহৰণি পথত যুৱতীক ছুৰিকাঘাত৷ দিন দুপৰতে ৰাজপথত ছুৰিৰে আক্ৰমণ এগৰাকী যুৱতীক। মহানগৰীৰ লাষ্টগে’টৰ নাহৰনি পথত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনাটো নাহৰনি পথৰ ১৪নং ঘৰৰ সন্মুখতে সংঘটিত হয় এই ঘটনা(Woman attacked by miscreants in Guwahati city)।
জানিব পৰা মতে, ৰেপিড’ৰ বাবে ৰৈ থকাৰ সময়তে যুৱতীগৰাকীক আক্ৰমণ কৰে দুৰ্বৃত্তই। এখন ছুইফ্ট ডিজায়াৰ বাহনত আহি যুৱতীগৰাকীক ছুৰিৰে আক্ৰমণ কৰি বাহনখনেৰে পলায়ন কৰে দুৰ্বৃত্তই। দুৰ্বৃত্তৰ আক্ৰমণত গুৰুতৰভাৱে আহত হয় যুৱতীগৰাকী। আহত যুৱতীগৰাকীক গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰোৱা হৈছে।
লগতে পঢ়ক:Tragic road accident in Jorhat: : পিকনিকস্থলীৰ পৰা উভতি অহাৰ পথ দুৰ্ঘটনাত নিহত যুৱতীৰ