Local, Vocal, Global

Woman Apprehended For Killing Mother-In-Law Over Land Dispute : ভূমি কেন্দ্ৰীক বিবাদ;বোৱাৰীয়েকৰ হাতত প্ৰাণ গ’ল শাহুৱেকৰ

নিউজ ডেস্ক,১৫ এপ্ৰিল : ৰাজ্যত পুনৰ চাঞ্চল্যকৰ হত্যাকাণ্ডৰ ঘটনা । এইবাৰ বোৱাৰীয়েকৰ হাতত প্ৰাণ গ’ল শাহুৱেকৰ ।

ৰঙালী বিহুৰ আনন্দ উচাহৰ মাজতে যোগীঘোপাত ভয়ংকৰ হত্যাকাণ্ডৰ ঘটনা। যোগীঘোপাৰ ভৰালকুণ্ডী দশম খণ্ড গাঁৱত সংঘটিত হৈছে এই ঘটনাটো(Woman Apprehended For Killing Mother-In-Law Over Land Dispute)।

জানিব পৰা মতে,ভূমি কেন্দ্ৰীক বিবাদৰ বাবে বোৱাৰীয়েকৰ হাতত প্ৰাণ গ’ল শাহুৱেকৰ । মৃত শাহুৱেক গৰাকীৰ নাম মৰিয়ম বেওঁৱা বুলি জানিব পৰা গৈছে।

ইতিমধ্যে আৰক্ষীয়ে হত্যাকাৰী বোৱাৰী গৰাকীক আটক কৰিছে। আৰক্ষীয়ে আটক কৰা বোৱাৰী গৰাকীৰ ছহিদুৰ ৰহমানৰ পত্নী ছায়েদা বেপাৰী বুলি জানিব পৰা গৈছে ।

ঘটনা অনুসৰি, দেওবাৰে নিশা ভূমি বিবাদক লৈ শাহু-বোৱাৰীৰ মাজত সৃষ্টি হৈছিল কাজিয়াৰ। কাজিয়াৰ চৰম পৰ্যায়ত বোৱাৰীয়ে শাহুৱেকক উপুৰ্যপৰি মাৰধৰ কৰে ।

পিছত স্থানীয় একাংশ লোকে বৃদ্ধা মহিলা গৰাকীক মুমুৰ্ষ অৱস্থাত উদ্ধাৰ কৰি গোৱালপাৰা চিকিৎসালয়লৈ প্ৰেৰণ কৰে যদিও চিকিৎসকে মহিলাগৰাকীক মৃত বুলি ঘোষণা কৰে(
Woman Apprehended For Killing Mother-In-Law Over Land Dispute In Bongaigaon)।

লগতে পঢ়ক : Bohag Bihu 2024 : ৰঙালীৰ ৰঙত মতলীয়া অসমীয়াই আজি উদযাপন কৰিছে গোসাঁই বিহু