Woman allegedly murdered by husband : যৌতুকৰ বাবে মহিলাক হত্যা কৰাৰ অভিযোগ

শিলচৰ, ২১ছেপ্টেম্বৰ : নিকৃষ্ট, অমানৱীয়,ভয়ংকৰ ! দেশত ক্ৰমান্বয়ে বৃদ্ধি পাইছে অপৰাধজনিত ঘটনাৰ(Domestic violence)। মানুহ যেন সময়ৰ সোঁতত লাহে লাহে পশুলৈ ৰূপান্তৰিত হ’ব ধৰিছে। পোহৰলৈ আহিছে আন এক নিকৃষ্ট ঘটনাৰ । ৰাজ্যত বোৱাৰী হত্যাৰ ঘটনাই প্ৰায়ে সংবাদ শিৰোৱনাম দখল কৰা পৰিলক্ষিত হয় । কেতিয়াবা যদি যৌতুকজনিত কাৰণত আন কেতিয়াবা আকৌ পাৰিবাৰিক কন্দলৰ পৰিণতিত প্ৰাণ হেৰুৱাই নিৰীহ মহিলাই।
পুনৰ ৰাজ্যত বোৱাৰীৰ ৰহস্যজনক মৃত্যু। শিলচৰৰ আউলিয়া বজাৰত যৌতুকৰ বাবে এগৰাকী মহিলাক হত্য়া কৰাৰ অভিযোগ। ৰুকন উদ্দিন বৰভূঞা নামৰ লোকজনৰ বিৰুদ্ধে উত্থাপিত এই অভিযোগ । নিহত মহিলাগৰাকীৰ পৰিয়ালৰ লোকে স্বামী ৰুকন উদ্দিনৰ লগতে তেওঁৰ পৰিয়ালৰ আন সদস্য়ই মাহজবীন লস্কৰ নামৰ মহিলাগৰাকীক হত্য়া কৰাৰ অভিযোগ উত্থাপিত কৰিছে(Woman allegedly murdered by husband)।
অভিযোগ অনুসৰি ,কেইবছৰমান পূৰ্বে মাহজবীন লস্কৰৰ শিলচৰ আউলিয়া বজাৰৰ ৰুকন উদ্দিনৰ লগত বিবাহ হৈছিল । বিবাহৰ পিছৰে পৰাই যৌতুকৰ দাবীত মহিলাগৰাকীক নিৰ্যাতন চলাই আহিছিল স্বামীসহ পৰিয়ালৰ লোকসকলে । সেইবাবে কেইবাৰো মহিলাগৰাকী পিতৃগৃহলৈ উভতি আহিছিল ৷
নিহত মহিলাগৰাকীৰ পিতৃয়ে এই ঘটনাটোৰ বিষয়ে উল্লেখ কৰি কয়,”পৰহি হঠাৎ স্বামী ৰুকন উদ্দিনে ফোন কৰি আমাক কয় মাহজবীনে পাকঘৰত ভাত ৰন্ধাৰ সময়ত চিলিণ্ডাৰ বিস্ফোৰণ হৈ গুৰুতৰভাৱে আহত হৈ শিলচৰ চিকিৎসা মহাবিদ্য়ালয় হাস্পতালৰ আই চি ইউত চিকিৎসাধীন হৈ আছে । “
এই খবৰ পোৱাৰ লগে লগে পিতৃ গৈ উপস্থিত হয় শিলচৰ চিকিৎসা মহাবিদ্য়ালয় হাস্পতালত । তাত তেওঁ প্ৰত্যক্ষ কৰে তেওঁৰ কন্যাৰ মৃতদেহ । পিছত আৰক্ষীৰ সহযোগত পিতৃয়ে মৃতদেহটো মৰণোত্তৰ পৰীক্ষা কৰাই চমজি লয় । ইপিনে, নিহত মহিলাগৰাকীৰ পিতৃয়ে তেওঁৰ কন্যাক স্বামী গৃহৰ লোকে যৌতুকৰ বাবে জ্বলাই হত্যা কৰিছে বুলি অভিযোগ উত্থাপন কৰি শিলচৰ সদৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰাত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে অভিযুক্ত স্বামীক।