Jammu and Kashmir : জম্মু-কাশ্মীৰৰ ৰাজধানী শ্ৰীনগৰত সন্ত্ৰাসবাদীৰ গুলীচালনা;নিহত দুজন
নিউজ ডেস্ক, ৮ফেব্ৰুৱাৰী : জম্মু-কাশ্মীৰৰ ৰাজধানী শ্ৰীনগৰত সন্ত্ৰাসবাদীৰ গুলীচালনা । সন্ত্ৰাসবাদীৰ গুলীত নিহত দুজন(Jammu and Kashmir) ।
উল্লেখ্য যে, বুধবাৰে বিয়লি শ্ৰীনগৰত ডাউন টাউন শলাকদল অঞ্চলত সন্দেহযুক্ত সন্ত্ৰাসবাদীয়ে গুলীচালনা কৰে । সন্ত্ৰাসবাদীৰ গুলীত নিহত হয় মাছি আৰু পঞ্জাৱৰ অমৃতপাল নামৰ দুজন লোক(Srinagar militant attack leaves Amritsar resident dead)।
জানিব পৰা মতে,সন্দেহযুক্ত সন্ত্ৰাসবাদীৰ আক্ৰমণত থিতাতে নিহত হয় অমৃতপাল ৷ আনহাতে, মাছি নামৰ লোকজন চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও বৃহস্পতিবাৰে পুৱা চিকিৎসালয়ত মৃত্যু হয় মাছিৰ(Two non-locals shot dead by terrorists in Srinagar) ৷
ইফালে বুধবাৰে বিয়লি সংঘটিত হোৱা আক্ৰমণৰ কিছু সময়ৰ পিচতে কাশ্মীৰ মণ্ডল আৰক্ষীৰ এগৰাকী মুখপাত্ৰই X এক পোষ্টৰ জড়িয়তে লিখিছে , ‘‘গঞ্জ শ্ৰীনগৰৰ অমৃতসৰ বাসিন্দা শ্বহীদ অমৃতপল সিং নামৰ এজন বহিৰাগত লোকৰ ওপৰত সন্ত্ৰাসবাদীয়ে গুলীচালনা কৰে ৷ যাৰ ফলত তেওঁৰ মৃত্যু ঘটে । এই ঘটনাত গুৰুতৰভাৱে আহত হয় আন এজন ৷ আহত লোকজনক ইতিমধ্যে চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে । বৰ্তমান অঞ্চলটো ঘেৰাও কৰি ৰখা হৈছে’’ ।
কাশ্মীৰৰ ৰাজনীতিবিদসকলে এই সন্ত্ৰাসবাদীৰ এই আক্ৰমণৰ ঘটনাক তীব্ৰ ভাষাৰে গৰিহণা দিয়ে ৷ লগতে ৰাষ্ট্ৰীয় সন্মিলনৰ নেতা ফাৰুক আব্দুল্লা আৰু ওমৰ আব্দুল্লাই কয় যে বৰ্বৰ কাণ্ডত স্তম্ভিত আৰু হতাশ হৈছে তেওঁলোক ৷ লগতে তেওঁলোকে নিহত দুয়োজন ব্যক্তিৰ পৰিয়ালকেইটাক সমবেদনা জ্ঞাপন কৰে ।
লগতে পঢ়ক : Ganeshguri Youth Death : ইক্ৰাম হুছেইনৰ হত্যা প্ৰসংগত দিছপুৰ আৰক্ষীৰ জালত ৪ অভিযুক্ত