Two Children were Murdered by slitting their Throats : দুটাকৈ শিশুক ডিঙি কাটি হত্যা নাপিতৰ
নেশ্যনেল ডেস্ক, ২০মাৰ্চ : দুটাকৈ শিশুক ডিঙি কাটি হত্যা পাষণ্ডৰ । অভিযুক্তক গুলীয়াই হত্যা আৰক্ষীৰ(Badaun Double Murder) ।
উত্তৰ প্ৰদেশৰ বদায়ুঁত সংঘটিত হৈছে এক নৃশংস হত্যাকাণ্ডৰ ঘটনা ৷ মঙলবাৰে সন্ধিয়া সংঘটিত হৈছে এই চাঞ্চল্যকৰ হত্যাৰ ঘটনাটো(Two Children were Murdered by slitting their Throats) ৷
অভিযোগ অনুসৰি, দুটি শিশুক নিজ বাসগৃহৰ ছাদত নিৰ্মমভাৱে হত্যা কৰে এজন নাপিতে । বাবা ক’লনীত এটা আৱাসিক গৃহৰ চাদত খেলা-ধূলা কৰি থকা অৱস্থাতে সংঘটিত কৰে এই নৃশংস হত্যাকাণ্ডটো ।
ঘটনা সন্দৰ্ভত বৰেলীৰ আৰক্ষী প্ৰধান পৰিদৰ্শক ৰাকেশ কুমাৰে কয়, “আজি সন্ধিয়া এটা অতি দুৰ্ভাগ্যজনক ঘটনা সংঘটিত হয় য’ত দুটা শিশুৰ মৃত্যু ঘটে । আৰক্ষীয়ে এই ঘটনা সন্দৰ্ভত খবৰ পোৱা লগে লগে ঘটনাস্থলীত উপস্থিত হয় আৰু অভিযুক্তই আৰক্ষীক দেখি পলাবলৈ চেষ্টা কৰে যদিও আৰক্ষীয়ে অভিযুক্তলৈ লক্ষ্য কৰি গুলীচালনা কৰে ৷ আৰক্ষীৰ গুলীত নিহত হয় অভিযুক্ত(Two Children were Murdered by slitting their Throats in Badaun)।
আৰক্ষীয়ে ঘটনা সন্দৰ্ভত প্ৰাথমিক তদন্ত চলাই কয় যে, প্ৰায়ে ভুক্তভোগীৰ ঘৰলৈ গৈছিল অভিযুক্তই । এই ভয়ংকৰ ঘটনা সংঘটিত কৰাৰ দিনা মূৰৰ বিষ বুলি কৈ ভুক্তভোগীৰ ঘৰলৈ চাহ খাবলৈ আহিছিল অভিযুক্তই । আৰক্ষীয়ে জনোৱা মতে, অভিযুক্তই ভুক্তভোগীৰ ঘৰলৈ গৈ পত্নীৰ প্ৰসৱৰ বাবে ভুক্তভোগী শিশুৰ মাতৃৰ পৰা ৫ হাজাৰ টকা বিচাৰিছিল ৷তাৰ পিছতে অভিযুক্তই ছাদলৈ গৈ দুটা শিশুক হত্যা কৰে লগতে তৃতীয়টো শিশুক আহত কৰে । আৰক্ষীয়ে বৰ্তমান নিজাকৈ গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে ।
কিন্তু বৰ্তমানলৈ জানিব পৰা হোৱা নাই হত্যাৰ কাৰণ । আৰক্ষীৰ তদন্ত অন্তত হে পোহৰলৈ আহিব প্ৰকৃত ঘটনা ।
লগতে পঢ়ক : World Sparrow Day 2024 : আজি বিশ্ব ঘৰচিৰিকা দিৱস