একাউণ্টত সঁচাকৈ সোমাব নেকি ১৫ লাখ? ভাৰতক অৰ্পণ চুইছ বেংকৰ তথ্য
নিউজ ডেস্ক: ছুইজাৰলেণ্ডে ভাৰত চৰকাৰক ৩৪ লাখ ছুইছ বেংক একাউণ্টৰ তথ্য হস্তান্তৰ কৰা বুলি একাংশ সংবাদ মাধ্যমত খবৰ প্ৰকাশ পাইছে। ৩৪ লাখ একাউণ্ট ভাৰতীয় নাগৰিক আৰু ভাৰতীয় নাগৰিকৰ বিভিন্ন সংস্থাৰ নামত পূৰ্বৰে পৰা আছে৷ ভাৰতৰ লগতে বিভিন্ন দেশত থাকি ভাৰতীয় নাগৰিক তথা সংস্থাসমূহে চুইছ বেংকত টকা জমা কৰিছে। ইয়াৰ পূৰ্বে একাউণ্টৰ সংখ্যা ভাৰত চৰকাৰক অৰ্পণ কৰিছিল চুইছ বেংকে৷ এয়া চতুৰ্থবাৰৰ বাবে চুইছ বেংকে ক’লা ধনৰ তথ্য ভাৰত চৰকাৰক প্ৰদান কৰিলে। ছুইজাৰলেণ্ডৰ ফেডাৰেল টেক্স এডমিনিষ্ট্ৰেচনে কয় যে ভাৰতৰ সৈতে চুইজাৰলেণ্ডৰ স্বয়ংক্ৰিয় তথ্য বিনিময় চুক্তি অনুসৰি ছেপ্টেম্বৰৰ তথ্য ভাৰতক প্ৰদান কৰা হৈছে। এনে তথ্য পুনৰ অহা বছৰ ছেপ্টেম্বৰত প্ৰদান কৰা হ’ব।
চুইজাৰলেণ্ডে বিগত বছৰত ৮৬ খন দেশৰ সৈতে এই তথ্য বিনিময় কৰিছিল। তাৰ ভিতৰত আছিল ভাৰতো৷ তথ্য অনুযায়ী বেংক একাউণ্টৰ সংখ্যাও প্ৰায় ১ লাখ বৃদ্ধি পাইছে। চুইছ বেংকৰ এই তথ্যৰ সহায়ত ক’লাধন আৰু হিচাপ বহিৰ্ভূত সম্পত্তিৰ তদন্ত কৰিবলৈ সহজ হ’ব বুলি ধাৰণা কৰা হৈছে৷ কৰ ফাঁকি দিয়া ব্যৱসায়ী, উদ্যোগপতি বা সংস্থা আৰু সন্ত্ৰাসবাদীৰে ধনৰ লেন-দেন কৰা সকলৰ তথ্য লাভ কৰাত সহজ হ’ব বুলি অনুমান কৰা হৈছে৷ এই তথ্য ভাৰত চৰকাৰৰ বাবে এক অস্ত্ৰ হ’ব পাৰে৷ যিসকল ভাৰতীয়ই বিদেশত ক’লা ধন জমা ৰাখিছে সেইসকলক চিনাক্ত কৰাত সহায় হ’ব পাৰে এই তথ্য৷ বিগত দুটা লোকসভা নিৰ্বাচনত ক’লা ধনৰ কথা ব্যাপক চৰ্চা হৈছে৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিদেশৰ পৰা ক’লা ধন প্ৰতিজনৰ একাউণ্টত ১৫ লাখকৈ দি দিব পৰা যাব বুলি কৈছিল৷
বহু একাউণ্ট ভাৰতীয় ব্যৱসায়ীৰ নামত আছে। এইসকল ভাৰতীয়ৰ কিছু সংখ্যকে ভাৰতত বৰ্তমানেও বসবাস কৰি থকাৰ লগতে আনসকলে আমেৰিকা যুক্তৰাষ্ট্ৰ, ব্ৰিটেইনকে ধৰি কেইবাখনো দক্ষিণ-পূব এছিয়াৰ দেশত আছে। একাউণ্টৰ গৰাকীৰ নাম, সংস্থাৰ নাম-ঠিকনা, জমাকৃত ধন, উপাৰ্জনৰ বিৱৰণ পৰ্যন্ত ভাৰতক হস্তান্তৰ কৰাৰ পাছত ভাৰত চৰকাৰে কি ব্যৱস্থা লয় সেয়াহে লক্ষ্যণীয় হ’ব৷