Karnataka HC warns Facebook : কৰ্ণাটক উচ্চ ন্যায়ালয়ৰ ফেচবুক কৰ্তৃপক্ষক সকিয়ানী
নেশ্যনেল ডেস্ক, ১৫ জুন: কৰ্ণাটক উচ্চ ন্যায়ালয়ৰ ফেচবুক কৰ্তৃপক্ষক সকিয়ানী । বুধবাৰে কৰ্ণাটক উচ্চ ন্যায়ালয়ে ফেচবুক কৰ্তৃপক্ষক সতৰ্ক কৰি উল্লেখ কৰে যে, ভাৰতত এই ছ’চিয়েল মিডিয়া প্লেটফৰ্মটোৰ কাৰ্যকলাপ বন্ধ কৰাৰ নিৰ্দেশ জাৰি কৰাৰ বিষয়ে ন্যায়ালয়ে বিবেচনা কৰিব ।
প্ৰাপ্ত তথ্য অনুসৰি চৌডি আৰবত কাৰাবন্দী এজন ভাৰতীয় নাগৰিকৰ গোচৰৰ এটি তদন্তৰ সন্দৰ্ভত কৰ্ণাটক আৰক্ষীৰ সৈতে সহযোগ নকৰাৰ অভিযোগৰ পিছতে ছ’চিয়েল মিডিয়াৰ জনপ্ৰিয় এই বৃহৎ গ্ৰুপটোক ন্যায়ালয়ে সকীয়নি প্ৰদান কৰে । ন্যায়াধীশ কৃষ্ণ এছ দীক্ষিতৰ বিচাৰপীঠে দক্ষিণ কানাড়া জিলাৰ মাংগালুৰুৰ সমীপৰ বিকৰ্ণকাট্টেৰ বাসিন্দা কবিতা নামৰ এগৰাকী মহিলাই দাখিল কৰা এখন আবেদনৰ শুনানি গ্ৰহণ কৰি এই সতৰ্কবাণী প্ৰদান কৰে ।
উল্লেখ্য যে, শৈলেশ কুমাৰ নামৰ ৫২ বছৰীয়া লোক এজনে চৌদি আৰৱৰ এটা কোম্পানীত ২৫ বছৰ ধৰি কাম কৰি থকাৰ বিপৰীতে তেওঁৰ পত্নী কবিতাই তেওঁলোকৰ সন্তানৰ সৈতে কৰ্ণাটকৰ দক্ষিণ কানাড়া জিলাৰ মাংগালুৰুৰ সমীপৰ বিকাৰকট্টেত বাস কৰি আহিছে । ২০১৯ চনত শৈলেশ কুমাৰে নাগৰিকত্ব সংশোধনী আইন (CAA)আৰু ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ সমৰ্থনত ফেচবুকত এটা পোষ্ট দিছিল । ইয়াৰ পিছতে কোনো অজ্ঞাত লোকে তেওঁৰ নামত এটা ভুৱা ফেচবুক একাউণ্ট খুলি চৌডি আৰবৰ ৰজা আৰু ইছলামৰ বিৰুদ্ধে এটা আপত্তিজনক পোষ্ট দিয়ে ।
এই কথা গম পোৱাৰ পাছতে শৈলেশ কুমাৰে তেওঁৰ পৰিবাৰক ঘটনাটোৰ বিষয়ে অৱগত কৰে । ইয়াৰ পিছতে তেওঁৰ পৰিবাৰ কবিতাই এই সন্দৰ্ভত মাংগালুৰু আৰক্ষীৰ কাষ চাপে আৰু এটা গোচৰ ৰুজু কৰে(Karnataka HC warns Facebook) । ইফালে ছৌদি আৰবৰ আৰক্ষীয়ে শৈলেশ কুমাৰক গ্ৰেপ্তাৰ কৰি কাৰাগাৰত বন্দী কৰি ৰাখিছিল । আনহাতে, কবিতাই ৰুজু কৰা গোচৰৰ তদন্তৰ দ্বায়িত্ব হাতত লোৱা মেংগালুৰু আৰক্ষীয়ে ফেচবুকলৈ এখন পত্ৰ লিখি ভুৱা ফেচবুক একাউণ্টটোৰ সবিশেষ তথ্য বিচাৰে । কিন্তু ফেচবুক কৰ্তৃপক্ষই এই লৈ কোনো সঁহাৰি প্ৰদান নকৰিলে (Will order shutdown of Facebook operations in India)।
ইফালে তদন্তত পলম হোৱাৰ বাবে ২০২১ চনত আবেদনকাৰীয়ে কৰ্ণাটক উচ্চ ন্যায়ালয়ৰ কাষ চাপে । সমান্তৰালকৈ স্বামীক কাৰাগাৰৰ পৰা মুকলি কৰি আনিবলৈ কবিতাই ভাৰত চৰকাৰলৈ এখন চিঠি প্ৰেৰণ কৰে । কবিতাই ন্যায়ালয়ত দাখিল কৰা আবেদনখন গ্ৰহণ কৰি ইয়াৰ শুনানি গ্ৰহণ কৰি ন্যায়াধীশ কৃষ্ণ এছ দীক্ষিতৰ বিচাৰপীঠে ফেচবুকলৈ এক নিৰ্দেশনা জাৰি কৰে (Will order shutdown of Facebook operations in India)।
বিচাৰপীঠখনে ফেচবুক কৰ্তৃপক্ষক দিয়া নিৰ্দেশটো হৈছে, ” ফেচবুক কৰ্তৃপক্ষই প্ৰয়োজনীয় তথ্যৰ সৈতে সম্পূৰ্ণ প্ৰতিবেদন আদালতৰ সন্মুখত এসপ্তাহৰ ভিতৰত দাখিল কৰিব লাগে ।” লগতে এই বুলিও উল্লেখ কৰে যে, ভাৰত চৰকাৰে এটা মিছা গোচৰত এজন ভাৰতীয় নাগৰিকক গ্ৰেপ্তাৰ কৰি কাৰাৰুদ্ধ কৰাৰ ক্ষেত্ৰত কি ব্যৱস্থা গ্ৰহণ কৰিছে সেই বিষয়েও তথ্য দিয়া উচিত ।
লগতে পঢ়ক : Manipur violence : মণিপুৰৰ মহিলা মন্ত্ৰীৰ ঘৰত অগ্নিসংযোগ