No child marriages in Assam till I am alive : ‘মই জীয়াই থকালৈকে অসমত বাল্যবিৱাহ হ’ব নিদিওঁ’: হিমন্ত বিশ্ব শৰ্মা

নিউজ ডেস্ক, ২৬ ফেব্ৰুৱাৰী : আজি অসম বিধানসভা বাজেট অধিবেশনৰ অন্তিম। আজিৰ দিনটোত সদনত উত্থাপন হ’ব ১৫ খনৰো অধিক বিধেয়ক। অন্তিম দিনটোত মুছলিম বিবাহ আইন খাৰিজক লৈ সদনত সৃষ্টি হয় হুলস্থূলীয়া পৰিৱেশ। ১৫ খনৰো অধিক বিধেয়কৰ মাজতে মুছলিম বিবাহ আইন খাৰিজক লৈ উত্তপ্ত হৈ পৰে সদন(‘Will not let child marriage take place’: Assam CM on Muslim Marriage Act)।
মুছলিম বিবাহ আইন খাৰিজক আইনখনক লৈ সদনত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয়, ‘পাঁচ-ছয় বছৰীয়া ছোৱালীৰ বিবাহ মই হ’বলৈ নিদিওঁ’। আইনখনৰ বিৰোধিতা কৰা এ আই ইউ ডি এফৰ বিধায়কক কটাক্ষ কৰি মুখ্যমন্ত্ৰীয়ে কয়,‘হিমন্ত বিশ্ব শৰ্মা জীয়াই থকালৈকে অসমত বাল্যবিৱাহ হ’ব নিদিওঁ’(No child marriages in Assam till I am alive : CM Himanta Biswa Sarma )৷ বাল্যবিৱাহ সন্দৰ্ভত সদনত মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ(No child marriages in Assam till I am alive) ।
লগতে মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে এতিয়ালৈকে এই বিষয়টো সদনত উত্থাপন হোৱা নাই। কিন্তু কেবিনেটে সিদ্ধান্ত লৈছে যে অসমত মুছলমান বিবাহ আৰু বিবাহ বিচ্ছেদ পঞ্জীয়ন আইন-১৯৩৫’ আইন বাতিল হ’ব। তেওঁ কয় যে, এই আইনৰ অধীনত ৬ বছৰীয়া শিশুকো বিয়া দিয়াৰ ব্যৱস্থা আছে। ৫-৬ বছৰীয়া ছোৱালীৰ মই বিয়া হ’ব নিদিও। মুছলমান সমাজৰ ছোৱালীক লৈ ব্যৱসায় কৰিব দিয়া নহ’ব। মই জীৱাই থকালৈ অসমত বাল্য বিবাহ হ’বলৈ নিদিও বুলি মন্তব্য কৰে(Himanta Biswa Sarma challenges AIUDF, says “won’t allow business of child marriage in Assam till I am alive”)।
লগতে পঢ়ক : Road Accident : ডাম্পাৰ আৰু বলেৰ’ বাহনৰ মাজত মুখামুখি সংঘৰ্ষ; নিহত পুত্ৰ, গুৰুতৰভাৱে আহত পিতৃ