Wild Tusker Tramples Couple To Death : গোৱালপাৰাত বন্যহস্তীৰ আক্ৰমণ;বন্যহস্তীৰ আক্ৰমণত থিতাতে নিহত দম্পতী

লক্ষীপুৰ, ২৪ ফেব্ৰুৱাৰী : ৰাজ্যত অব্যাহত আছে হাতী-মানুহৰ সংঘাত (Elephant menace in Goalpara )। ৰাজ্যত দিনক দিনে বনৰীয়া হাতী আৰু মানুহৰ সংঘাত অধিক ভয়াবহ ৰূপ ধাৰণ কৰিবলৈ ধৰিছে। ৰাজ্যৰ কেইবাখনো জিলাত সঘনাই বনৰীয়া হাতী আৰু মানুহৰ মাজত সংঘাত হোৱা দেখিবলৈ পোৱা যায়।
নিতৌ সংবাদ শিৰোণাম দখল কৰে হাতী মানুহৰ সংঘাতে । খাদ্যৰ সন্ধানত নিতৌ বনাঞ্চলৰ পৰা জনাঞ্চললৈ নামি আহে বন্য হস্তীকে ধৰি অন্যান্য জীৱ-জন্তু । জীৱ শ্ৰেষ্ঠ মানুহৰ কৰ্মৰ বাবে অৰ্থাত্ ব্যাপক হাৰত জনাঞ্চল সংকুচিত হৈ আহিছে । যাৰ পৰিণতিত হাতী মানুহৰ সংঘাতে চূড়ান্ত ৰূপ ধাৰণ কৰিছে ।
ৰাজ্যৰ অন্য প্ৰান্তৰ সমান্তৰালকৈ গোৱালপাৰাত অব্য়াহত আছে বন্যহস্তীৰ উপদ্ৰৱ। শুকুৰবাৰে নিশা গোৱালপাৰাৰ লক্ষীপুৰত বন্যহস্তীৰ তাণ্ডৱ(Wild Tusker Tramples Couple To Death)। বন্যহস্তীৰ আক্ৰমণত থিতাতে নিহত দম্পতী।
জানিব পৰা মতে, গোৱালপাৰাৰ লক্ষীপুৰত শুকুবাৰে নিশা বন্যহস্তীৰ আক্ৰমণত প্ৰাণ গল দুজনকৈ লোকৰ। বনৰীয়া হাতীৰ আক্ৰমণত এজন পুৰুষসহ নিহত হয় এগৰাকী মহিলা। নিহত লোকজনক হাতোগাঁৱৰ কাৰ্তিক চন্দ্ৰ নাথৰ ৩২ বছৰীয়া পুত্ৰ অতুল নাথ বুলি চিনাক্ত কৰা হৈছে যদিও নিহত মহিলা গৰাকীৰ পৰিচয় বৰ্তমানলৈ জানিব পৰা হোৱা নাই।
ঘটনা অনুসৰি, শুকুৰবাৰে নিশা প্ৰায় ১০ মান বজাত অতুল নাথৰ সৈতে মহিলা গৰাকী মটৰ চাইকেলৰে গৈ থকা অৱস্থাত লক্ষীপুৰৰ গোৱালগুলিত ৰাস্তাত বাহৰ পাতি থকা হাতীৰ জাকে আক্ৰমণ কৰে দুয়োকে। বন্যহস্তীৰ আক্ৰমণত ঘটনাস্থলীতে মৃত্যু হয় দম্পতীৰ।
উল্লেখ্য যে প্ৰায় ৪০ টা বনৰীয়া হাতীৰ জাক এটাই অঞ্চলটোত অব্যাহত ৰাখিছে সন্ত্ৰাস। বৃহত হাতীৰ জাকটোৱে খেতি পথাৰ তহিলং কৰাৰ উপৰিও ভাঙি লণ্ড-ভণ্ড কৰিছে বহুলোকৰ ঘৰ-দুৱাৰ। সম্প্ৰতি অঞ্চলজুৰি এক আতংকময় পৰিস্থিতি বিৰাজ কৰিছে অঞ্চলটোত। আনহাতে বনৰীয়া হাতীৰ জাকটোয়ে গৌৰনগৰ, হাসডোবা বান্দৰমথা অঞ্চলৰ ভিন্ন ঠাইত মুক্ত বিচৰণ কৰি থকাও পৰিলক্ষিত হৈছে। (Wild Tusker Tramples Couple To Death In Goalpara)।
আমি দৈনিক হাতী মানুহৰ আক্ৰমণ কথা শুনিবলৈ পাওঁ। নিতৌ হাতীৰ আক্ৰমণত কোনোবা নহয় কোনোবা লোকে প্ৰাণ হেৰুৱাবলগীয়া হয়। ক’ৰবাত যদি হাতীয়ে ঘৰ ভাঙিছে, আন ক’ৰবাত আকৌ লহপহীয়া খেতিডৰাৰ বিস্তৰ ক্ষতিসাধন কৰিছে। পকা ধাননি পথাৰডৰা তহিলং কৰাৰ পাছতে খেতিয়কে মূৰে-কপালে হাত দিবলগীয়া হৈছে। হাতীয়ে বিধ্বস্ত কৰা ভগা পঁজাটো পুনৰ নিৰ্মাণৰ বাবে সংগ্ৰাম কৰিবলগীয়া হৈছে। হাতীৰ উপদ্ৰৱ অব্যাহত থকা অঞ্চলৰ লোকসকলে প্ৰতিটো মুহূৰ্ততে সংশয়ৰ মাজেদি সময় অতিবাহিত কৰিবলগীয়া হৈছে (Man Elephant conflict)।
হাতী-মানুহৰ সংঘাত আঁতৰাবলৈ বন বিভাগে উপযুক্ত ব্যৱস্থা গ্ৰহণ নকৰা বুলিও অভিযোগ ভুক্তভোগীৰ। হাতী ওলোৱা বুলি ৰাইজে বন বিভাগক খবৰ দিলেও সময়মতে বনকৰ্মী-বিষয়া ঘটনাস্থলীত উপস্থিত নহয় বুলি উত্থাপিত অভিযোগ দীৰ্ঘদিনীয়া।