Local, Vocal, Global

Wild Mithun Sparks Fear In Golaghat’s Kabarugao : গোলাঘাটৰ কাবৰুগাঁৱত মেঠোনৰ সন্ত্ৰাস

নিউজ ডেস্ক,২০জুন : গোলাঘাটত বনাঞ্চল এৰি জনাঞ্চলত প্ৰৱেশ বনৰীয়া মেঠোনৰ । গোলাঘাটৰ কাবৰুগাঁৱত বনৰীয়া মেঠোন প্ৰত্যক্ষ কৰাৰ পাচতে তীব্ৰ চাঞ্চল্য ৰাইজৰ মাজত ।

এই ঘটনা পোহৰলৈ অহাৰ লগে লগে ঘটনা সন্দৰ্ভত আৰক্ষীক খবৰ দিয়া হয় । আৰক্ষীয়ে ঘটনা সন্দৰ্ভত খবৰ লাভ কৰাৰ পিচতে বন বিভাগৰ এটা দল উপস্থিত হয় আৰু মেঠোনটোৰ গতিবিধি নিৰীক্ষণত ৰাখে । ইয়াৰ উপৰি মেঠোনটো নিয়ন্ত্ৰণ কৰিবলৈ কাজিৰঙাৰ বন্যপ্ৰাণী পুনৰ সংস্থাপন কেন্দ্ৰলৈ খবৰ দিয়ে(Wild Mithun Sparks Fear In Golaghat’s Kabarugao) ।

আনহাতে, ভয়াৰ্ত মেঠোনটোৱে কেতিয়াবা যদি পথাৰ আৰু কেতিয়াবা গৃহস্থৰ পদূলিত দৌৰি ফুৰাক কেন্দ্ৰ কৰি এক প্ৰকাৰৰ গৃহবন্দী হৈ পৰিছে কালুগাঁৱৰ ৰাইজ । ইফালে উক্ত স্থানত উপস্থিত হোৱা আঞ্চলিক বন বিষয়াগৰাকীয়ে জানিবলৈ দিয়া মতে, অত্যধিক মাত্ৰাত বৰষুণৰ ফলত নামবৰ বনাঞ্চলৰ পৰা পথভ্ৰষ্ট হৈ জনাঞ্চলত প্ৰৱেশ কৰিছে মেঠোনটো ।

ইয়াৰ উপৰি মেঠোন সাধাৰণতে খুব সংবেদনশীল হোৱাৰ বাবেই ৰাইজে কিছু পৰিমাণে সজাগ হ’ব লাগিব । নহ’লে এই প্ৰাণীটো সুকলমে উদ্ধাৰ কৰি নিৰ্দিষ্ট স্থানত পুনৰ মুকলি কৰিবলৈ অসুবিধা হ’ব বুলিও তেওঁ কয় ।

লগতে পঢ়ক : Former Indian pacer David Johnson passes away : ভাৰতীয় দলৰ প্ৰাক্তন ক্ৰিকেটাৰ ডেভিদ জনছনৰ মৃত্যু