Local, Vocal, Global

WATCH | Wild Flowers Turning Jamugurihat : বনৰীয়া ফুলৰ এখনি বেঙুনীয়া দলিচা!

জামুগুৰিহাট,২৭ফেব্ৰুৱাৰী : বনৰীয়া ফুলৰ এখনি বেঙুনীয়া দলিচা! বনৰীয়া ফুলৰ গোলাপী দলিচাই মন্ত্ৰমুগ্ধ কৰিছে বাটৰুৱাক। ছেলফি জ’নত পৰিণত হৈছে এখনি পথাৰ ।পথৰ কাষৰ যেনিয়েই চকু যায় সেইপিনেই কেৱল গুলপীয়া আৰু গুলপীয়া । বনৰীয়া ফুলৰ এই শোভাই এতিয়া মতলীয়া কৰিছে সকলোকে । এই ফুলৰ মাজত একপি ফটো উঠিবলৈ সকলো ঢাপলি মেলিছে সকলো । যেন ছেলফি জ’নত পৰিণত হৈছে জামুগুৰিহাটৰ এই বিশেষ অঞ্চল(Wild Flowers Turning Jamugurihat)।

জামুগুৰিহাটৰ বৰাচুক গাঁৱৰ সমীপৰ চাৰিলেণ্ডযুক্ত ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে প্ৰায় ১৫ বিঘাৰো অধিক ভূমিৰ পথাৰখনত ফুলা এইবিধ ফুলৰ সৌন্দৰ্য্যত এতিয়া আত্মবিভোৰ হৈ পৰিছে সকলো।

এখন গোলপীয়া-বেঙুনীয়া ৰঙৰ কাৰ্পেটৰ দৰেই বিয়পি থকা এই বনৰীয়া ফুলৰ সৌন্দৰ্য্য প্ৰাণভৰি উপভোগ কৰিবলৈকে জামুগুৰিহাটৰ বৰাচুক গাঁৱৰ পথাৰখনত এতিয়া দৈনিক সমাগম ঘটিছে হাজাৰ হাজাৰ লোকৰ।কেৱল জামুগুৰিহাটৰে নহয় অসম বিভিন্ন স্থানলৈ ৰাষ্ট্ৰীয় ঘাইপথৰে অহা যোৱা কৰা বাটৰুৱা সকলেও এতিয়া নিজৰ নিজৰ বাহন ৰখাই পথাৰখনত ফুলি থকা বনৰীয়া ফুলবিধৰ সৌন্দৰ্য্য উপভোগ কৰাৰ লগতে একপি ফটো উঠি ফেচবুক ইষ্টাগ্ৰামত দিয়াৰ প্ৰতিযোগিতাত নামি পৰাও দেখিবলৈ পোৱা গৈছে।

ইতিমধ্যেই জামুগুৰিহাটৰ এই পথাৰখন সম্প্ৰতি ‘পিংক লেণ্ড’ হিচাপে পৰিচিত হৈ পৰিছে।

উল্লেখ্য যে বনৰীয়া ফুলবিধৰ ওপৰত ফটো উঠিবলৈ অহা একাংশ যুৱকে এতিয়া ফুলবিধৰ ওপৰত বাইক তথা মটৰচাইকেল ঘুৰাই ফুলবিধৰ অনিষ্ট সাধন কৰা ঘটনাই সৌন্দৰ্য্য পিপাষু প্ৰতিজন লোককে ব্যথিত কৰিও তুলিছে।

লগতে পঢ়ক :WATCH | Nagarbera News: আধাৰশিলা স্থাপন হ’ল; কিন্তু আজিলোঁ নিৰ্মান নহ’ল পথ