Local, Vocal, Global

Wild Elephant Menace : শোণিতপুৰত বন্যহস্তীয়ে নিদ্ৰা হৰিছে ৰাইজৰ

নিউজ ডেস্ক, ১৩ নৱেম্বৰ : ৰাজ্যত অব্যাহত আছে হাতী-মানুহৰ সংঘাত (Elephant Menace in Sonitpur )। ৰাজ্যত দিনক দিনে বনৰীয়া হাতী আৰু মানুহৰ সংঘাত অধিক ভয়াবহ ৰূপ ধাৰণ কৰিবলৈ ধৰিছে। ৰাজ্যৰ কেইবাখনো জিলাত সঘনাই বনৰীয়া হাতী আৰু মানুহৰ মাজত সংঘাত হোৱা দেখিবলৈ পোৱা যায়(Man Elephant Conflict)।

নিতৌ সংবাদ শিৰোণাম দখল কৰে হাতী মানুহৰ সংঘাতে । খাদ্যৰ সন্ধানত নিতৌ বনাঞ্চলৰ পৰা জনাঞ্চললৈ নামি আহে বন্য হস্তীকে ধৰি অন্যান্য জীৱ-জন্তু । জীৱ শ্ৰেষ্ঠ মানুহৰ কৰ্মৰ বাবে অৰ্থাত্ ব্যাপক হাৰত জনাঞ্চল সংকুচিত হৈ আহিছে । যাৰ পৰিণতিত হাতী মানুহৰ সংঘাতে চূড়ান্ত ৰূপ ধাৰণ কৰিছে(Wild Elephant Menace Continues in Sonitpur) ।

এইবাৰ শোণিতপুৰত বন্যহস্তীৰ উপদ্ৰৱ । হাতীৰ উপদ্ৰৱত নিদ্ৰা হৰিছে শোণিতপুৰবাসীৰ ৷ বিশেষকৈ শোণিতপুৰৰ চাৰিদুৱাৰৰ ৰঙাপৰা, মিছামাৰী, বিন্দুকুৰী, তেজপুৰ, বিহগুৰি আদিত বনৰীয়া হাতীৰ বৃহৎ জাকে মুক্ত বিচৰণ কৰি আছে ৷ সোণাই ৰূপাই, নামেৰী ৰাষ্ট্ৰীয় উদ্যান আৰু বালিপৰা সংৰক্ষিত বনাঞ্চলৰ পৰা ওলাই অহা হাতীৰ বৃহৎ জাকে তেজপুৰৰ ব্ৰহ্মপুত্ৰৰ পাৰৰ আৰিমৰা চাপৰিলৈকে আহে ৷

তথ্য অনুসৰি, শোণিতপুৰ জিলাখনত হাতীৰ বাবে বাসস্থান আৰু খাদ্যৰ সংকটতে দেখা দিছে ৷ পূৰ্বে বনৰীয়া হাতী অহা তেজপুৰৰ শালবাৰী আৰু ঘোঁৰামাৰীৰ ঔদ্যোগিক চৌহদলৈ এতিয়া হাতী আহিব নোৱাৰে ৷ এনে অৱস্থাত পথাৰত ধান পকিবলৈ লোৱাৰ সময়ত বৰ্তমান জাকে জাকে বনৰীয়া হাতী নামি পৰিছে ধাননি পথাৰত ৷ যাৰ পৰিণতিত বৰ্তমান কৃষক ৰাইজৰ অৱস্থাও শোচনীয় হৈ পৰিছে(Wild Elephant Menace) ৷

বালিপৰা সংৰক্ষিত বনাঞ্চল আৰু নামেৰী ৰাষ্ট্ৰীয় উদ্যানৰ পৰা খাদ্যৰ সন্ধানত জনাঞ্চলত প্ৰতিনিশা প্ৰৱেশ কৰে হাতীৰ বৃহৎ জাকে ৷ চাৰিদুৱাৰৰ ধাননি পথাৰত ধান খাই তহিলং কৰিছে বনৰীয়া হাতীৰ জাকে ৷ ইয়াৰে একাংশ হাতীয়ে প্ৰৱেশ কৰিছে গাঁৱতো ৷ পৰিণতিত সপোনৰ খেতিডৰা ৰক্ষা কৰাৰ স্বাৰ্থত কৃষকে নিশা পহৰা দিব লগীয়া হৈছে ৷

স্থানীয় ৰাইজৰ অভিযোগ, বন বিভাগে এইক্ষেত্ৰত কোনোধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই ৷ ফলত চাৰিদুৱাৰত নিশাৰ পৰা পুৱালৈকে স্থানীয় ৰাইজে পথাৰত নমা বনৰীয়া হাতী খেদাত ব্যস্ত হ’বলগীয়া হৈছে ৷

আমি দৈনিক হাতী মানুহৰ আক্ৰমণ কথা শুনিবলৈ পাওঁ। নিতৌ হাতীৰ আক্ৰমণত কোনোবা নহয় কোনোবা লোকে প্ৰাণ হেৰুৱাবলগীয়া হয়। ক’ৰবাত যদি হাতীয়ে ঘৰ ভাঙিছে, আন ক’ৰবাত আকৌ লহপহীয়া খেতিডৰাৰ বিস্তৰ ক্ষতিসাধন কৰিছে। পকা ধাননি পথাৰডৰা তহিলং কৰাৰ পাছতে খেতিয়কে মূৰে-কপালে হাত দিবলগীয়া হৈছে। হাতীয়ে বিধ্বস্ত কৰা ভগা পঁজাটো পুনৰ নিৰ্মাণৰ বাবে সংগ্ৰাম কৰিবলগীয়া হৈছে। হাতীৰ উপদ্ৰৱ অব্যাহত থকা অঞ্চলৰ লোকসকলে প্ৰতিটো মুহূৰ্ততে সংশয়ৰ মাজেদি সময় অতিবাহিত কৰিবলগীয়া হৈছে (Man Elephant Conflict)।

হাতী-মানুহৰ সংঘাত আঁতৰাবলৈ বন বিভাগে উপযুক্ত ব্যৱস্থা গ্ৰহণ নকৰা বুলিও অভিযোগ ভুক্তভোগীৰ। হাতী ওলোৱা বুলি ৰাইজে বন বিভাগক খবৰ দিলেও সময়মতে বনকৰ্মী-বিষয়া ঘটনাস্থলীত উপস্থিত নহয় বুলি উত্থাপিত অভিযোগ দীৰ্ঘদিনীয়া।

লগতে পঢ়ক :Wild elephant menace continues in Nagaon : নগাঁৱত বন্যহস্তীৰ তাণ্ডৱ;দিন দুপৰতে ধাননি পথাৰত ত্ৰাসৰ সৃষ্টি কৰিছে বন্যহস্তীয়ে