Local, Vocal, Global

Man Elephant conflict : ৰঙামাটিত দিন দুপৰতে বনৰীয়া হাতীৰ মুক্ত বিচৰণ

লাশবাৰী , ৯ নৱেম্বৰ : ৰঙামাটিত বন্যহস্তীৰ তাণ্ডৱ;দিন দুপৰতে ধাননি পথাৰত ত্ৰাসৰ সৃষ্টি কৰিছে বন্যহস্তীয়ে(Man Elephant conflict) ।

ৰাজ্যত অব্যাহত আছে হাতী-মানুহৰ সংঘাত (Elephant menace in Palashbari)। ৰাজ্যত দিনক দিনে বনৰীয়া হাতী আৰু মানুহৰ সংঘাত অধিক ভয়াবহ ৰূপ ধাৰণ কৰিবলৈ ধৰিছে। ৰাজ্যৰ কেইবাখনো জিলাত সঘনাই বনৰীয়া হাতী আৰু মানুহৰ মাজত সংঘাত হোৱা দেখিবলৈ পোৱা যায়(Man Elephant conflict)।

নিতৌ সংবাদ শিৰোণাম দখল কৰে হাতী মানুহৰ সংঘাতে । খাদ্যৰ সন্ধানত নিতৌ বনাঞ্চলৰ পৰা জনাঞ্চললৈ নামি আহে বন্য হস্তীকে ধৰি অন্যান্য জীৱ-জন্তু । জীৱ শ্ৰেষ্ঠ মানুহৰ কৰ্মৰ বাবে অৰ্থাত্ ব্যাপক হাৰত জনাঞ্চল সংকুচিত হৈ আহিছে । যাৰ পৰিণতিত হাতী মানুহৰ সংঘাতে চূড়ান্ত ৰূপ ধাৰণ কৰিছে(Wild elephant menace continues in Palashbari) ।

ৰঙামাটিত বন্যহস্তীৰ তাণ্ডৱ । কামৰূপ জিলাৰ পলাশবাৰী থানাৰ অন্তৰ্গত আৰু দক্ষিণ কামৰূপৰ ব্যৱসায়িক কেন্দ্ৰস্থল স্বৰূপ বিজয়নগৰৰ কাষৰীয়া জনবহুল বৃহত্তৰ ৰঙামাটিৰ বিভিন্ন অঞ্চলৰ খেতি পথাৰত পকিবলৈ ধৰা শালিধান কৃষক ৰাইজে কাটি থকাৰ মাজতেই অব্যাহত আছে বনৰীয়া হাতীৰ মুক্ত বিচৰণ । বিগত প্ৰায় এসপ্তাহ ধৰি কৃষক ৰাইজে ৰঙামাটি অঞ্চলৰ পথাৰত পকা শালি ধান কাটি থকাৰ সময়তে সন্ধিয়াৰ পাছত খাদ্যৰ সন্ধানত ওলাই অহা আঠ নজনীয়া বনৰীয়া হাতীৰ জাকে গছকি নষ্ট কৰিছে ধাননি। আনকি দিনৰ ভাগতে কেবাটাও হাতীক পথাৰত ঘূৰি থকা প্ৰত্যক্ষ কৰি হাতীৰ আক্ৰমণৰ আশংকাত চিন্তিত হৈ পৰিছে ৰাইজ।

আনকি বিগত কেইদিনত নিশাৰ ভাগত হাতীৰ জাকটোৱে বামুণ মহিলাপাৰাৰ মেলেৰিয়া বিভাগৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰী তথা সাহিত্যিক , ডিম্বেশ্বৰ শৰ্মাৰ ঘৰৰ চৌহদত নতুনকৈ দিয়া বাঁহৰ বেৰ ভাঙি বাৰীত তাণ্ডৱ চলোৱাৰ লগতে বাকাৰাপাৰাৰ জয়ন্ত শৰ্মা, মালিপাৰাৰ সমেন মালী , কৈলাশ মালীৰ ঘৰৰ চৌহদত বেৰ ভাঙি সোমাই ক্ষতিসাধন কৰে। যাৰ বাবে সন্ধিয়া হলেই হাতীৰ আক্ৰমণৰ আশংকাত জনবহুল অঞ্চলটোৰ বাসিন্দা সকল শংকিত হৈ পৰিছে(Wild elephant menace continues in Palashbari) ।

এই সন্দৰ্ভত ৰঙামাটি অঞ্চলৰ ৰাইজে জানিবলৈ দিয়া অনুসৰি পূৰ্বতেও ৰাইজে হাতীৰ উপদ্ৰৱ সন্দৰ্ভত স্থানীয় লোহাৰঘাট বনাঞ্চলিক বিষয়া কাৰ্যালয়ক কেবাবাৰো অৱগত কৰিছিল । কিন্তু পৰ্যাপ্ত বনকর্মী নথকাৰ অজুহাতত হাতী খেদা কাৰ্যত ৰাইজক সহযোগ কৰাৰ সলনি দুধকুঁৱৰী পাহাৰৰ নামনিত হাতী অহা যোৱা কৰা পথত “হাতীৰ পৰা সাৱধান” বুলি দুখন চাইনবৰ্ড লগাই দিয়েই দায়িত্ব সামৰিছে বন বিভাগে ।

ৰাইজে বন বিভাগক কোনো ধৰণে সংৰক্ষিত বনাঞ্চল আৰু হাতীৰ বিচৰণথলী নোহোৱা ৰঙামাটি অঞ্চলত হাতীৰ বিচৰণ আৰু উপদ্রৱৰ সমস্যাৰ পৰা ৰাইজক ৰক্ষা কৰিবলৈ বন বিভাগৰ উৰ্ধতম কৰ্তৃপক্ষক দাবী জনোৱাৰ লগতে এইক্ষেত্ৰত পশ্চিম কামৰূপ বন সংমণ্ডলৰ বন সংমণ্ডল প্ৰাধিকাৰীৰ হস্তক্ষেপ আৰু তৎপৰতা কামনা কৰিছে । কিয়নো কোনো ধৰণৰ সংৰক্ষিত বনাঞ্চল নথকা ৰঙামাটিৰ দৰে জনবহুল অঞ্চলৰ পৰা বনৰীয়া হাতীকেইটা যদি খেদি পঠিয়াবলৈ বন বিভাগে স্থায়ী ব্যৱস্থা গ্ৰহণ নকৰে তেন্তে অনাগত দিনত অঞ্চলটোত হাতী মানুহৰ সংঘাট হোৱাটো নিশ্চিত বুলি আশংকা কৰা হৈছে।

শ শ বিঘা ধানৰ খেতি খাই তহিলং কৰিছে হাতীটোৱে যাৰ বাবে এতিয়াই মুৰে কপালে হাত দিবলগীয়া হৈছে কৃষকে ৷ যাৰ বাবে কন্দলী পাহাৰৰ পৰা খাদ্য সন্ধানত নামি অহা হাতীৰ জাকে নিতৌ ত্ৰাসৰ সৃষ্টি কৰিছে কৃষকৰ পথাৰত ৷

আমি দৈনিক হাতী মানুহৰ আক্ৰমণ কথা শুনিবলৈ পাওঁ। নিতৌ হাতীৰ আক্ৰমণত কোনোবা নহয় কোনোবা লোকে প্ৰাণ হেৰুৱাবলগীয়া হয়। ক’ৰবাত যদি হাতীয়ে ঘৰ ভাঙিছে, আন ক’ৰবাত আকৌ লহপহীয়া খেতিডৰাৰ বিস্তৰ ক্ষতিসাধন কৰিছে। পকা ধাননি পথাৰডৰা তহিলং কৰাৰ পাছতে খেতিয়কে মূৰে-কপালে হাত দিবলগীয়া হৈছে। হাতীয়ে বিধ্বস্ত কৰা ভগা পঁজাটো পুনৰ নিৰ্মাণৰ বাবে সংগ্ৰাম কৰিবলগীয়া হৈছে। হাতীৰ উপদ্ৰৱ অব্যাহত থকা অঞ্চলৰ লোকসকলে প্ৰতিটো মুহূৰ্ততে সংশয়ৰ মাজেদি সময় অতিবাহিত কৰিবলগীয়া হৈছে (Man Elephant conflict)।

হাতী-মানুহৰ সংঘাত আঁতৰাবলৈ বন বিভাগে উপযুক্ত ব্যৱস্থা গ্ৰহণ নকৰা বুলিও অভিযোগ ভুক্তভোগীৰ। হাতী ওলোৱা বুলি ৰাইজে বন বিভাগক খবৰ দিলেও সময়মতে বনকৰ্মী-বিষয়া ঘটনাস্থলীত উপস্থিত নহয় বুলি উত্থাপিত অভিযোগ দীৰ্ঘদিনীয়া।

লগতে পঢ়ক :Wild elephant menace continues in Nagaon : নগাঁৱত বন্যহস্তীৰ তাণ্ডৱ;দিন দুপৰতে ধাননি পথাৰত ত্ৰাসৰ সৃষ্টি কৰিছে বন্যহস্তীয়ে