Local, Vocal, Global

Wild elephant menace continues in Nagaon : নগাঁৱত বন্যহস্তীৰ তাণ্ডৱ;দিন দুপৰতে ধাননি পথাৰত ত্ৰাসৰ সৃষ্টি কৰিছে বন্যহস্তীয়ে

নিউজ ডেস্ক, ৬নৱেম্বৰ : ৰাজ্যত অব্যাহত আছে হাতী-মানুহৰ সংঘাত (Elephant menace in Nagaon )। ৰাজ্যত দিনক দিনে বনৰীয়া হাতী আৰু মানুহৰ সংঘাত অধিক ভয়াবহ ৰূপ ধাৰণ কৰিবলৈ ধৰিছে। ৰাজ্যৰ কেইবাখনো জিলাত সঘনাই বনৰীয়া হাতী আৰু মানুহৰ মাজত সংঘাত হোৱা দেখিবলৈ পোৱা যায়(Man Elephant conflict)।

নিতৌ সংবাদ শিৰোণাম দখল কৰে হাতী মানুহৰ সংঘাতে । খাদ্যৰ সন্ধানত নিতৌ বনাঞ্চলৰ পৰা জনাঞ্চললৈ নামি আহে বন্য হস্তীকে ধৰি অন্যান্য জীৱ-জন্তু । জীৱ শ্ৰেষ্ঠ মানুহৰ কৰ্মৰ বাবে অৰ্থাত্ ব্যাপক হাৰত জনাঞ্চল সংকুচিত হৈ আহিছে । যাৰ পৰিণতিত হাতী মানুহৰ সংঘাতে চূড়ান্ত ৰূপ ধাৰণ কৰিছে(Wild elephant menace continues in Nagaon) ।

নগাঁৱত বন্যহস্তীৰ তাণ্ডৱ । দেওবাৰে নগাঁও জিলাৰ কঠিয়াতলীৰ কন্দলী আহুতলীত দিন দুপৰতে ধাননি পথাৰত ত্ৰাসৰ সৃষ্টি কৰিছে বন্যহস্তীয়ে ৷

কেইদিনমান পূৰ্বে কন্দলী আহুতলীত উদ্ধাৰ হোৱা আহত হাতীটোৰ বন বিভাগে চিকিৎসা প্ৰদান কৰাৰ পাছৰে পৰা এতিয়া নিদ্ৰা হৰিছে ৰাইজৰ ৷

শ শ বিঘা শালি ধানৰ খেতি খাই তহিলং কৰিছে হাতীটোৱে যাৰ বাবে এতিয়াই মুৰে কপালে হাত দিবলগীয়া হৈছে কৃষকে ৷

ইফালে বন বিভাগে বন্যহস্তী প্ৰতিৰোধৰ বাবে জাটকা লাইন নিৰ্মান কৰিছিল যদিও সেইয়া বৰ্তমান বিকল ৷ যাৰ বাবে কন্দলী পাহাৰৰ পৰা খাদ্য সন্ধানত নামি অহা হাতীৰ জাকে নিতৌ ত্ৰাসৰ সৃষ্টি কৰিছে কৃষকৰ পথাৰত ৷ উপায়হীন ৰাইজে নিশা হাতী খেদিবলৈ গছৰ ওপৰত টঙী ঘৰ সজাৰ লগতে বিপদ সংকুল ভাৱে বিদ্যুতৰ খুটাতো টঙী ঘৰ সাজি ওৰে নিশা জুই জ্বলাই নিজৰ খেতিডৰা ৰক্ষা কৰাৰো অপ্ৰাণ চেষ্টা চলাইছে কৃষক সকলে ৷ বন বিভাগে ফটকা ফুটাই হাতী খেদিবলৈ চেষ্টা চলাইছে যদিও হাতী খেদাত ব্যৰ্থ হয় ৷

আমি দৈনিক হাতী মানুহৰ আক্ৰমণ কথা শুনিবলৈ পাওঁ। নিতৌ হাতীৰ আক্ৰমণত কোনোবা নহয় কোনোবা লোকে প্ৰাণ হেৰুৱাবলগীয়া হয়। ক’ৰবাত যদি হাতীয়ে ঘৰ ভাঙিছে, আন ক’ৰবাত আকৌ লহপহীয়া খেতিডৰাৰ বিস্তৰ ক্ষতিসাধন কৰিছে। পকা ধাননি পথাৰডৰা তহিলং কৰাৰ পাছতে খেতিয়কে মূৰে-কপালে হাত দিবলগীয়া হৈছে। হাতীয়ে বিধ্বস্ত কৰা ভগা পঁজাটো পুনৰ নিৰ্মাণৰ বাবে সংগ্ৰাম কৰিবলগীয়া হৈছে। হাতীৰ উপদ্ৰৱ অব্যাহত থকা অঞ্চলৰ লোকসকলে প্ৰতিটো মুহূৰ্ততে সংশয়ৰ মাজেদি সময় অতিবাহিত কৰিবলগীয়া হৈছে (Man Elephant conflict)।

হাতী-মানুহৰ সংঘাত আঁতৰাবলৈ বন বিভাগে উপযুক্ত ব্যৱস্থা গ্ৰহণ নকৰা বুলিও অভিযোগ ভুক্তভোগীৰ। হাতী ওলোৱা বুলি ৰাইজে বন বিভাগক খবৰ দিলেও সময়মতে বনকৰ্মী-বিষয়া ঘটনাস্থলীত উপস্থিত নহয় বুলি উত্থাপিত অভিযোগ দীৰ্ঘদিনীয়া।

লগতে পঢ়ক : Rajasthan Bus Accident:ৰেলপথত নিয়ন্ত্ৰণ হেৰুৱাই বাগৰি পৰিল যাত্ৰী ভৰ্তি বাছ