Local, Vocal, Global

Wild Elephanat Death : পুনৰ বন্যহস্তীৰ কৰুণ মৃত্যু,ৰে’লৰ খুন্দাত মৃত্যু বনৰীয়া হাতীৰ

নিউজ ডেস্ক, ২৮ নৱেম্বৰ : অবাধ হাৰত বনাঞ্চল ধ্বংসৰ ফলত বন্যহস্তীৰ জাক এতিয়া নামি আহে সমতল ভূমিলৈ।বনাঞ্চলৰ ভূমি সংকোচত হোৱাত খাদ্য আৰু বাসস্থানত অভাৱত বন্যহস্তীসমূহ জনাঞ্চললৈ উলাই আহিবলৈ বাধ্য হৈছে। ফলত সঘনাই সংঘটিত হৈছে হাতী মানুহৰ সংঘাত।শেহতীয়াকৈ ৰাজ্যৰ বিভিন্ন জিলাত সংঘটিত হৈ অহা হাতী-মানুহৰ সংঘাতৰ ঘটনাই জটিল ৰূপ ধাৰণ কৰা পৰিলক্ষিত হৈছে। প্ৰাকৃতিক দুৰ্যোগৰ দৰে এক বৃহৎ দুৰ্যোগৰ ৰূপত দেখা হস্তী মানুহৰ সংঘাতত কেৱল মানুহৰে যে প্ৰাণহানি হৈছে তেনে নহয়,খাদ্যৰ সন্ধানত নামি অহা বন্য হস্তীৰো বহু সময়ত প্ৰাণ গৈছে(Wild Elephanat Death)।

ৰাজ্যত হাতী মানুহৰ সংঘাত অব্যাহত থকাৰ মাজতে পুনৰ এটা বন্যহস্তীৰ মৃত্যু হৈছে।নিশা বিশ্বনাথৰ বিহালীৰ বুৰৈঘাটত বনৰীয়া হাতীৰ মৃত্যু (Wild Elephant Dies After Being Hit By Train in Biswanath )।

বৰ্তমান ৰাজ্যত ধাৰাবাহিকভাৱে বন্যহস্তীৰ মৃত্যুৱে উদ্বেগৰ সৃষ্টি কৰিছে প্ৰকৃতিপ্ৰেমি সকলক। সোমবাৰে ৰে’ল খুন্দাত মৃত বনৰীয়া হাতীৰ (Wild Elephant Dies After Being Hit By Train in Biswanath ) ।

সোমবাৰে নিশা বিশ্বনাথত সংঘটিত হয় এটা হৃদয়বিদাৰক ঘটনা।বিশ্বনাথৰ বিহালীৰ বুৰৈঘাটত সোমবাৰে নিশা ৰে’লৰ খুন্দাত এটা বনৰীয়া হাতীৰ মৃত্যু হয় ৷ নিশা খাদ্যৰ সন্ধানত কাজিৰঙাৰ ষষ্ঠ সংযোজনৰ পৰা খাদ্যৰ সন্ধানত ওলাই অহা সময়তে দ্ৰুতবেগী যাত্ৰীবাহী ৰে’লে বনৰীয়া হাতীটোক মহটিয়াই নিয়ে । ফলত থিতাতে মৃত্যু হয় বনৰীয়া হাতীটোৰ ।

সোমবাৰে নিশা প্ৰায় ১০ বজাত নামনিমুৱা দঞি পল’ এক্সপ্ৰেছৰ খুন্দাত বনৰীয়া হাতীটোৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে । অৰুণাচলৰ নাহৰলগুণৰ পৰা গুৱাহাটীলৈ গৈ আছিল ৰে’লখন ৷

উল্লেখ্য যে, দৈনিক খাদ্যৰ সন্ধানত বিহালীৰ কাজিৰঙা ষষ্ঠ সংযোজনৰ পৰা ওলাই আহে শ শ বনৰীয়া হাতী জাক । আজিও এই পথেৰে এটা বনৰীয়া হাতীৰ জাকে ৰে’ল লাইন পাৰ হওঁতেই এই দুৰ্ঘটনাটো সংঘটিত হয় ।

শেহতীয়াকৈ অসমৰ বহুকেইটা বনৰীয়া হাতীত মৃত্যু হোৱা দেখা গৈছে(Wild elephanat death)। ইয়াৰ কাৰণ হ’ল বনাঞ্চল ধ্বংস আৰু ভূমি বেদখল। মানুহে অবৈধভাৱে বনাঞ্চল ধ্বং কৰাৰ ফলত খাদ্যৰ সন্ধানত জনাঞ্চলৰ পৰা বনাঞ্চললৈ উলাই আহে হাতী।যাৰ ফলত সৃষ্টি হয় এনে ঘটনাৰ। এনে ঘটনা সংঘটিত হোৱাৰ পিছতে কিন্তু গাঁ লৰা নাই বন বিভাগ ।

লগতে পঢ়ক : Carcass of Elephant Calf Recovered : মৰিয়নিত বন্যহস্তীৰ পোৱালীৰ কৰুণ মৃত্যু; দ গাঁতত পৰি মৃত্যু বন্যহস্তীৰ