Local, Vocal, Global

Wild Elephant Dead : দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানত বনৰীয়া হাতীৰ মৃতদেহ উদ্ধাৰ

নিউজ ডেস্ক,৮ছেপ্তেম্বৰ : শনিবাৰে সমগ্ৰ দেশজুৰি উদযাপন কৰিছে গণেশ চতুৰ্থী । কিন্তু গণেশ চতুৰ্থী দিনাই সংঘটিত হৈছে অঘটন

গণেশ পূজাৰ দিনাই দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰচৰাত এটা বনৰীয়া হাতীৰ মৃতদেহ উদ্ধাৰ হয়। বনৰীয়া হাতীটোৰ মৃতদেহ উদ্ধাৰক লৈ প্ৰকৃতিপ্ৰেমী আৰু সচেতন ৰাইজৰ মাজত সৃষ্টি হৈছে ব্যাপক প্ৰতিক্ৰিয়াৰ ।

বন বিভাগৰ অবহেলাৰ বাবেই বহু দিন ধৰি ৰোগাক্ৰান্ত হৈ থকা হাতীটোৰ মৃত্যু হোৱাৰ অভিযোগ ৰাইজৰ । ৰাষ্ট্ৰীয় উদ্যানখনৰ ভিতৰচ’ৰাত কেইবামাহ ধৰি বনৰীয়া হাতীজনী আঘাতপ্ৰাপ্ত অৱস্থাত অৱস্থান গ্ৰহণ কৰি আছিল । কিন্তু দীৰ্ঘদিন ধৰি ভৰিত আঘাতপ্ৰাপ্ত হৈ থকা হাতীজনীৰ চিকিৎসা প্ৰদানৰ বাবে বন বিভাগে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন কৰে স্থানীয় ৰাইজে । যাৰ ফলত কোনো ধৰণৰ চিকিৎসা লাভ নকৰাকৈ শনিবাৰে হাতীজনীয়ে মৃত্যুমুখত পৰিবলগীয়া হয়(Wild Elephant Dead)।

ইফালে গণেশ পূজাৰ দিনাই মৃত্যুমুখত পৰা হাতীজনীক উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰে বন বিভাগৰ চিকিৎসকৰ এটা দলে । ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰত এইদৰে চিকিৎসাৰ অবিহনে হাতীৰ মৃত্যু হোৱা ঘটনাক সহজভাৱে ল’ব পৰা নাই সচেতন ৰাইজৰ লগতে প্ৰকৃতিপ্ৰেমীয়ে । এই ঘটনাক উচ্চ পৰ্যায়ৰ তদন্ত কৰিবলৈ দাবী জনাইছে সকলোৱে ।

লগতে পঢ়ক :CM Sarma appreciates entire team of Assam police after chairing ‘Nagarik Samitis’ conference : শনিবাৰে গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত ৩০৭ থানা পৰ্যায়ৰ ‘নাগৰিক সমিতি’ৰ সন্মিলনত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই