Local, Vocal, Global

wild elephant attack in Numaligarh : নুমলীগড়ত বনৰীয়া হাতীৰ আক্ৰমণত মৃত্যু এজন

নিউজ ডেস্ক,২১ মাৰ্চ : ৰাজ্যত অব্যাহত আছে হাতী-মানুহৰ সংঘাত (Elephant menace in Numaligarh )। ৰাজ্যত দিনক দিনে বনৰীয়া হাতী আৰু মানুহৰ সংঘাত অধিক ভয়াবহ ৰূপ ধাৰণ কৰিবলৈ ধৰিছে। ৰাজ্যৰ কেইবাখনো জিলাত সঘনাই বনৰীয়া হাতী আৰু মানুহৰ মাজত সংঘাত হোৱা দেখিবলৈ পোৱা যায়( wild elephant attack in Numaligarh)।

নিতৌ সংবাদ শিৰোণাম দখল কৰে হাতী মানুহৰ সংঘাতে । খাদ্যৰ সন্ধানত নিতৌ বনাঞ্চলৰ পৰা জনাঞ্চললৈ নামি আহে বন্য হস্তীকে ধৰি অন্যান্য জীৱ-জন্তু । জীৱ শ্ৰেষ্ঠ মানুহৰ কৰ্মৰ বাবে অৰ্থাত্ ব্যাপক হাৰত জনাঞ্চল সংকুচিত হৈ আহিছে । যাৰ পৰিণতিত হাতী মানুহৰ সংঘাতে চূড়ান্ত ৰূপ ধাৰণ কৰিছে ।

নুমলীগড়ত অব্য়াহত আছে বনৰীয়া হাতীৰ সন্ত্ৰাস । নুমলীগড়ত বনৰীয়া হাতীৰ আক্ৰমণত মৃত্যু এজন।

বুধবাৰে নুমলীগড়ৰ সমীপৰ ২ নং বুঢ়াগোহাঁইখাটৰ কালিয়নী চাহ বাগিচাত বন্য হাতীৰ আক্ৰমণত কৰুণ মৃত্যু এজনৰ ৷

উল্লেখ্য যে, কালিয়নী চাহ বাগিচাত বন্যহস্তীৰ জাক এটাই দীৰ্ঘ দিনৰ পৰা অৱস্থান কৰি আছিল ৷ বুধবাৰে হাতীৰ জাকটো বস্তিত প্ৰবেশ কৰাৰ সময়ত এজন লোকক আক্ৰমণ কৰে ৷ হাতীৰ আক্ৰমণত গুৰুতৰভাৱে আহত হয় লোকজন। আঘাতপ্ৰাপ্ত লোকজন খুদ খাড়িয়া বুলি জানিব পৰা গৈছে। গুৰুতৰ ভাবে আহত লোক জনক বকিয়াল বন বিভাগৰ সহযোগত চিকিৎসালয়লৈ প্ৰেৰণ কৰিছিল যদিও পথতে মৃত্যু হয় লোকজনৰ ৷

লগতে পঢ়ক : Delhi building Collapse: খহি পৰিল দুমহলীয়া অট্টালিকা; নিহত দুজন শ্ৰমিক, আহত এজন