মহানগৰীৰ Amchingত বনৰীয়া হাতীৰ আক্ৰমণ
নিউজ ডেস্ক, ২৪ জুলাই : বনৰীয়া ম’হৰ পাছত এইবাৰ মহানগৰীত বনৰীয়া হাতীৰ উপদ্ৰপ। মহানগৰীৰ Amchingত বনৰীয়া হাতীয়ে আক্ৰমণ কৰাৰ ফলত গুৰুতৰভাৱে আহত হৈছে এজন যুৱক।
আহত যুৱকজনক সংকটজনক অৱস্থাত স্থানীয় লোকৰ সহায়ত ততাতৈয়াকৈ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়লৈ(GMCH) লৈ যোৱা হয়। উল্লেখ্য যে, আহত যুৱকজন বৰ্তমানেও চিকিৎসাধীন হৈ আছে।
অৱশ্যে, এতিয়ালৈকে ভুক্তভোগীৰ পৰিচয় চিনাক্ত কৰা হোৱা নাই।
কিছুমান স্থানীয় লোকে ঘটনাটো তেওঁলোকৰ মোবাইল ফোনত বন্দী কৰিছিল আৰু ভিডিঅ’টো কিছুসময়ৰ পাছতেই সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছিল।
গুৱাহাটী মহানগৰ আৰক্ষীৰ আৰক্ষী উপায়ুক্ত (কেন্দ্ৰীয়) দিগন্ত কুমাৰ চৌধুৰীয়ে ঘটনাটোৰ বিষয়ে নিশ্চিত কৰি কয় যে বনকৰ্মীসকলে ঘটনাটোৰ বিষয়ে স্থানীয় আৰক্ষীক অৱগত কৰে আৰু স্থানীয় লোকে লগে লগে যুৱকজনক চিকিৎসালয়ত ভৰ্তি কৰে।