Local, Vocal, Global

Wild elephanat death : পুনৰ বন্যহস্তীৰ কৰুণ মৃত্যু

গুৱাহাটী, ১২জুন : অবাধ হাৰত বনাঞ্চল ধ্বংসৰ ফলত বন্যহস্তীৰ জাক এতিয়া নামি আহে সমতল ভূমিলৈ।বনাঞ্চলৰ ভূমি সংকোচত হোৱাত খাদ্য আৰু বাসস্থানত অভাৱত বন্যহস্তীসমূহ জনাঞ্চললৈ উলাই আহিবলৈ বাধ্য হৈছে। ফলত সৃষ্টি হৈছে সঘনাই সংঘটিত হৈছে হাতী মানুহৰ সংঘাত।শেহতীয়াকৈ ৰাজ্যৰ বিভিন্ন জিলাত সংঘটিত হৈ অহা হাতী-মানুহৰ সংঘাতৰ ঘটনাই জটিল ৰূপ ধাৰণ কৰা পৰিলক্ষিত হৈছে। প্ৰাকৃতিক দুৰ্যোগৰ দৰে এক বৃহৎ দুৰ্যোগৰ ৰূপত দেখা হস্তী মানুহৰ সংঘাতত কেৱল মানুহৰে যে প্ৰাণহানি হৈছে তেনে নহয়,খাদ্যৰ সন্ধানত নামি অহা বন্য হস্তীৰো বহু সময়ত প্ৰাণ গৈছে(Wild elephanat death)।

ৰাজ্যত হাতী মানুহৰ সংঘাত অব্যাহত থকাৰ মাজতে পুনৰ এটা বন্যহস্তীৰ মৃত্যু হৈছে।মহানগৰীৰ সমীপৰ চন্দ্ৰপুৰৰ নলঘুলিত বনৰীয়া হাতীটোৰ কৰুণ মৃত্যু ঘটিল(Wild elephanat death in sundarpur)।

জানিব পৰা মতে খাদ্যৰ সন্ধানত আমচাং অভয়াৰণ্যৰ পৰা ওলাই আহিছিল হাতীটো। বিদ্যুৎ পৃষ্ঠ হৈ মৃত্যু হয় হাতীটোৰ।

উল্লেখ্য যে , প্ৰায় তিনিদিন মান আগতেই মৃত্যু মুখত পৰিছিল বনৰীয়া হাতীটো।কিন্তু তাৰ পিছতে খবৰ নাই বন বিভাগৰ। কুম্ভ নিদ্ৰাত বন বিভাগ।এয়াই নেকি ৰাজ্যৰ বিয়াগোম বন বিভাগৰ ফোঁপোলা স্বৰূপ।

শেহতীয়াকৈ অসমৰ বহুকেইটা বনৰীয়া হাতীত মৃত্যু হোৱা দেখা গৈছে(Wild elephanat death)। ইয়াৰ কাৰণ হ’ল বনাঞ্চল ধ্বংস আৰু ভূমি বেদখল। মানুহে অবৈধভাৱে বনাঞ্চল ধ্বং কৰাৰ ফলত খাদ্যৰ সন্ধানত জনাঞ্চলৰ পৰা বনাঞ্চললৈ উলাই আহে হাতী।যাৰ ফলত সৃষ্টি হয় এনে ঘটনাৰ। এনে ঘটনা সংঘটিত হোৱাৰ পিছতে কিন্তু গাঁ লৰা নাই বন বিভাগ ।

লগতে পঢ়ক : UP Cops dismissed : ৭ জন জোৱানে আৰক্ষীৰ পোছাকত লগালে দাগ