Wild elephanat death : পুনৰ বন্যহস্তীৰ কৰুণ মৃত্যু

কাজিৰঙা, ২৩জুলাই : অবাধ হাৰত বনাঞ্চল ধ্বংসৰ ফলত বন্যহস্তীৰ জাক এতিয়া নামি আহে সমতল ভূমিলৈ। বনাঞ্চলৰ ভূমি সংকোচত হোৱাত খাদ্য আৰু বাসস্থানত অভাৱত বন্যহস্তীসমূহ জনাঞ্চললৈ উলাই আহিবলৈ বাধ্য হৈছে। ফলত সৃষ্টি হৈছে হাতী মানুহৰ সংঘাত। শেহতীয়াকৈ ৰাজ্যৰ বিভিন্ন জিলাত সংঘটিত হৈ অহা হাতী-মানুহৰ সংঘাতৰ ঘটনাই জটিল ৰূপ ধাৰণ কৰা পৰিলক্ষিত হৈছে।
প্ৰাকৃতিক দুৰ্যোগৰ দৰে এক বৃহৎ দুৰ্যোগৰ ৰূপত দেখা দিয়া হস্তী মানুহৰ সংঘাতত কেৱল মানুহৰে যে প্ৰাণহানি হৈছে তেনে নহয়,খাদ্যৰ সন্ধানত নামি অহা বন্য হস্তীৰো বহু সময়ত প্ৰাণ গৈছে(Wild elephanat death)। ৰাজ্যত হাতী মানুহৰ সংঘাত অব্যাহত থকাৰ মাজতে পুনৰ বন্যহস্তীৰ মৃত্যু হৈছে।
কাজিৰঙাৰ বৰজুৰিৰ ২নং বস্তিত বনৰীয়া হাতীৰ কৰুণ মৃত্যু (Wild elephanat death in Kaziranga)। জানিব পৰা মতে খাদ্যৰ সন্ধানত জনাঞ্চলললৈ ওলাই আহিছিল হাতীটো। বিদ্যুৎ পৰিবাহী তাঁৰত লাগি মৃত্যু হয় হাতীটোৰ। বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু হোৱা বনৰীয়া হাতীটো প্ৰায় ৭ বছৰীয়া বুলি জানিব পৰা গৈছে ।
ইতিমধ্য়ে ঘটনাৰ সংক্ৰান্তত বন বিভাগে গ্ৰেপ্তাৰ কৰিছে চুংকু মুণ্ডা নামৰ এজন লোকক ৷ উল্লেখ্য যে, চুংকু মুণ্ডা নামৰ এজন লোক জনে নিজৰ ঘৰৰ পাছফালে বন্যহস্তীৰ পৰা কঠিয়া সুৰক্ষিত কৰা ৰাখিব বাবে কঠিয়াতলিৰ চৌদিশে বৈদ্যুতিক তাঁৰৰ বেৰ দিছিলে । আৰু নিশা ওলাই অহা বনৰীয়া হাতীটোৰ চুংকু মুণ্ডাই সংযোগ কৰা বৈদ্যুতিক তাঁৰত বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু হয় । বনবিভাগে চুংকু মুণ্ডাৰ ঘৰৰ পৰা বুজন পৰিমানৰ বৈদ্যুতিক তাঁৰ জব্দ কৰে ৷
শেহতীয়াকৈ অসমৰ বহুকেইটা বনৰীয়া হাতীত মৃত্যু হোৱা দেখা গৈছে(Wild elephanat death)। ইয়াৰ কাৰণ হ’ল বনাঞ্চল ধ্বংস আৰু ভূমি বেদখল। মানুহে অবৈধভাৱে বনাঞ্চল ধ্বং কৰাৰ ফলত খাদ্যৰ সন্ধানত জনাঞ্চলৰ পৰা বনাঞ্চললৈ উলাই আহে হাতী। যাৰ ফলত সৃষ্টি হয় এনে ঘটনাৰ।