Wild Elephanat death in Jagiroad : জাগীৰোডত বনৰীয়া হাতীৰ কৰুণ মৃত্যু

নিউজ ডেস্ক, ২৩মাৰ্চ : অবাধ হাৰত বনাঞ্চল ধ্বংসৰ ফলত বন্যহস্তীৰ জাক এতিয়া নামি আহে সমতল ভূমিলৈ।বনাঞ্চলৰ ভূমি সংকোচত হোৱাত খাদ্য আৰু বাসস্থানত অভাৱত বন্যহস্তীসমূহ জনাঞ্চললৈ উলাই আহিবলৈ বাধ্য হৈছে। ফলত সৃষ্টি হৈছে হাতী মানুহৰ সংঘাত(Wild Elephanat death)। শেহতীয়াকৈ ৰাজ্যৰ বিভিন্ন জিলাত সংঘটিত হৈ অহা হাতী-মানুহৰ সংঘাতৰ ঘটনাই জটিল ৰূপ ধাৰণ কৰা পৰিলক্ষিত হৈছে।
প্ৰাকৃতিক দুৰ্যোগৰ দৰে এক বৃহৎ দুৰ্যোগৰ ৰূপত দেখা দিয়া হস্তী মানুহৰ সংঘাতত কেৱল মানুহৰে যে প্ৰাণহানি হৈছে তেনে নহয়,খাদ্যৰ সন্ধানত নামি অহা বন্য হস্তীৰো বহু সময়ত প্ৰাণ গৈছে(Wild Elephanat death)। ৰাজ্যত হাতী মানুহৰ সংঘাত অব্যাহত থকাৰ মাজতে পুনৰ এটা বন্যহস্তীৰ মৃত্যু হৈছে।
জাগীৰোডত বনৰীয়া হাতীৰ কৰুণ মৃত্যু। জাগীৰোডৰ সোণাইকুছিৰ বনাঞ্চলত সংঘটিত হৈছে এই ঘটনাটো। পাহাৰৰ পৰা পিছলি বৈদ্যুতিক তাঁৰত লাগি মৃত্যু হোৱাৰ সন্দেহ ।
জানিব পৰা মতে, হাতী-মানুহৰ সংঘাত ৰোধৰ বাবে বন বিভাগে স্থাপন কৰিছিল ছ’লাৰ ফেঞ্চিং।হাতীটো পিছলি ছ’লাৰ ফেঞ্চিঙত লাগি মৃত্যু হোৱাৰ সন্দেহ প্ৰকাশ কৰিছে।
লগতে পঢ়ক : Drugs Peddler Arrested in Guwahati : এইবাৰ মহানগৰীত STF ৰ জালত ৩ ড্ৰাগছ ব্যৱসায়ী