Wild Elephanat Death in Goalpara : গোৱালপাৰাৰ ধনুভাঙাৰ মাদাং নৈৰ পাৰত উদ্ধাৰ মৃত বন্যহস্তী

নিউজ ডেস্ক, ১২ মাৰ্চ : অবাধ হাৰত বনাঞ্চল ধ্বংসৰ ফলত বন্যহস্তীৰ জাক এতিয়া নামি আহে সমতল ভূমিলৈ।বনাঞ্চলৰ ভূমি সংকোচত হোৱাত খাদ্য আৰু বাসস্থানত অভাৱত বন্যহস্তীসমূহ জনাঞ্চললৈ উলাই আহিবলৈ বাধ্য হৈছে।
ফলত সঘনাই সংঘটিত হৈছে হাতী মানুহৰ সংঘাত। শেহতীয়াকৈ ৰাজ্যৰ বিভিন্ন জিলাত সংঘটিত হৈ অহা হাতী-মানুহৰ সংঘাতৰ ঘটনাই জটিল ৰূপ ধাৰণ কৰা পৰিলক্ষিত হৈছে। প্ৰাকৃতিক দুৰ্যোগৰ দৰে এক বৃহৎ দুৰ্যোগৰ ৰূপত দেখা হস্তী মানুহৰ সংঘাতত কেৱল মানুহৰে যে প্ৰাণহানি হৈছে তেনে নহয়,খাদ্যৰ সন্ধানত নামি অহা বন্য হস্তীৰো বহু সময়ত প্ৰাণ গৈছে(Wild Elephanat Death)।
ৰাজ্যত হাতী মানুহৰ সংঘাত অব্যাহত থকাৰ মাজতে পুনৰ বন্যহস্তীৰ মৃত্যু হৈছে। এইবাৰ গোৱালপাৰাত বনৰীয়া হাতীৰ কৰুণ মৃত্যু (Wild Elephanat Death in Goalpara)।
গোৱালপাৰাৰ ধনুভঙাত বন্যহস্তীৰ মৃত্যু হয় ৷গোৱালপাৰাৰ ধনুভাঙাৰ মাদাং নৈৰ পাৰত উদ্ধাৰ মৃত বন্যহস্তীটো । খাদ্যৰ সন্ধানত অঞ্চলটোত বিচৰণ কৰি আছিল বন্যহস্তীটোৱে ।
বৰ্তমানলৈকে জানিব পৰা হোৱা নাই হাতীটোৰ মৃত্যুৰ কাৰণ ৷
লগতে পঢ়ক : Madhya Pradesh Road Accident : বৰযাত্ৰী কঢ়িওৱা বাহনক মহতিয়াই নিলে ডাম্পাৰে;নিহত ৬জন, আহত ১১জন