Wild elephanat death:নগাঁৱৰ কন্দলী আদৰ্শ গাঁৱত মৃত বন্যহস্তী উদ্ধাৰ

নিউজ ডেস্ক,১২ডিচেম্বৰ : অবাধ হাৰত বনাঞ্চল ধ্বংসৰ ফলত বন্যহস্তীৰ জাক এতিয়া নামি আহে সমতল ভূমিলৈ।বনাঞ্চলৰ ভূমি সংকোচত হোৱাত খাদ্য আৰু বাসস্থানত অভাৱত বন্যহস্তীসমূহ জনাঞ্চললৈ উলাই আহিবলৈ বাধ্য হৈছে।
ফলত সঘনাই সংঘটিত হৈছে হাতী মানুহৰ সংঘাত। শেহতীয়াকৈ ৰাজ্যৰ বিভিন্ন জিলাত সংঘটিত হৈ অহা হাতী-মানুহৰ সংঘাতৰ ঘটনাই জটিল ৰূপ ধাৰণ কৰা পৰিলক্ষিত হৈছে।
প্ৰাকৃতিক দুৰ্যোগৰ দৰে এক বৃহৎ দুৰ্যোগৰ ৰূপত দেখা হস্তী মানুহৰ সংঘাতত কেৱল মানুহৰে যে প্ৰাণহানি হৈছে তেনে নহয়,খাদ্যৰ সন্ধানত নামি অহা বন্যহস্তীৰো বহু সময়ত প্ৰাণ গৈছে(Wild elephanat death)।
ৰাজ্যত পুনৰ বন্যহস্তীৰ কৰুণ মৃত্যু। এইবাৰ নগাঁৱৰ কন্দলী আদৰ্শ গাঁৱত মৃত বন্যহস্তী উদ্ধাৰ।
পথাৰত পৰি থাকে মৃত হাতীটো।মৃত হাতীটো স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰি বন বিভাগৰ লোকক খবৰ দিয়ে।বন বিভাগৰ লোকে ঘটনা সন্দৰ্ভত খবৰ পোৱাৰ পাছত ঘটনাস্থলীত উপস্থিত হয় আৰু তদন্ত আৰম্ভ কৰে।
বৰ্তমানো জানিব পৰা হোৱা নাই হাতীটোৰ মৃত্যু কাৰণ।
লগতে পঢ়ক :Traffic jam on NH 37 in Teok:টীয়কৰ ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ যান-জঁট