Wild elephanat death: গোৱালপাৰাত বনৰীয়া হাতীৰ কৰুণ মৃত্যু;বিদ্যুৎ পৰিবাহী তাঁৰত লাগি বনৰীয়া হাতীটোৰ মৃত্যুৰ সন্দেহ

নিউজ ডেস্ক,২২অক্টোবৰ : অবাধ হাৰত বনাঞ্চল ধ্বংসৰ ফলত বন্যহস্তীৰ জাক এতিয়া নামি আহে সমতল ভূমিলৈ।বনাঞ্চলৰ ভূমি সংকোচত হোৱাত খাদ্য আৰু বাসস্থানত অভাৱত বন্যহস্তীসমূহ জনাঞ্চললৈ উলাই আহিবলৈ বাধ্য হৈছে।
ফলত সঘনাই সংঘটিত হৈছে হাতী মানুহৰ সংঘাত। শেহতীয়াকৈ ৰাজ্যৰ বিভিন্ন জিলাত সংঘটিত হৈ অহা হাতী-মানুহৰ সংঘাতৰ ঘটনাই জটিল ৰূপ ধাৰণ কৰা পৰিলক্ষিত হৈছে।
প্ৰাকৃতিক দুৰ্যোগৰ দৰে এক বৃহৎ দুৰ্যোগৰ ৰূপত দেখা হস্তী মানুহৰ সংঘাতত কেৱল মানুহৰে যে প্ৰাণহানি হৈছে তেনে নহয়,খাদ্যৰ সন্ধানত নামি অহা বন্যহস্তীৰো বহু সময়ত প্ৰাণ গৈছে(Wild elephanat death)।
ইয়াৰ মাজতেই গোৱালপাৰাত বনৰীয়া হাতীৰ কৰুণ মৃত্যু। বিদ্যুৎ পৰিবাহী তাঁৰত লাগি বনৰীয়া হাতীটোৰ মৃত্যুৰ সন্দেহ বন বিভাগৰ ।
মঙলবাৰে পুৱা গোৱালপাৰা ৰঙাগড়াত উদ্ধাৰ হয় বনৰীয়া হাতীৰ মৃতদেহটো । গোৱালপাৰা আঞ্চলিক বন বিভাগৰ অধীনস্থ বৃহত্তৰ ৰঙাগড়া অঞ্চলত এটা বনৰীয়া হাতীৰ জাকে বিগত এসপ্তাহ ধৰি উপদ্ৰৱ চলাই আহিছে । বন বিভাগৰ হাতী সুৰক্ষা বাহিনীয়ে বনৰীয়া হাতীৰ জাকটোক পঞ্চৰত্ন পাহাৰৰ পিনে খেদি পঠিয়াই যদিও হাতীৰ জাকটোৰ পৰা এটা হাতী ৰঙাগড়াত থাকি যায় ।
গোৱালপাৰা আঞ্চলিক বন বিষয়া শশী মোহন সিঙে জনোৱা অনুসৰি,‘‘ৰঙাগড়াৰ স্থানীয় একাংশ কৃষক ৰাইজে নিজৰ ধান খেতি বচাবলৈ নিশাৰ ভাগত চোৰাংকৈ বিদ্যুতৰ তাঁৰ ওলমাই ৰাখে । ফলত বনৰীয়া হাতীৰ জাকটোৱে বিদ্যুতৰ তাঁৰ দেখি গুচি যায় । যোৱা নিশাও ৰঙাগড়াত এজন খেতিয়কে বিদ্যুতৰ তাঁৰ খেতিৰ চাৰিওফালে ওলোমাই ৰখাত বনৰীয়া হাতীটোৱে ৰাস্তা পাৰ হ’বলৈ লওঁতেই বিদ্যুতৰ সংস্পৰ্শলৈ আহে ৷ ফলত অকলশৰীয়া বনৰীয়া হাতীটোৰ মৃত্যু ঘটে’’।
আজি পুৱা একাংশ স্থানীয় ৰাইজে বন বিভাগক খবৰ দিয়াত বন বিভাগৰ এটি দলে পশু চিকিৎসকক লগত লৈ ঘটনাস্থলীত উপস্থিত হয় । বন বিভাগৰ লোক আৰু পশু চিকিৎসকে বনৰীয়া হাতীটোৰ মৃতদেহৰ মৰণোত্তৰ পৰীক্ষা কৰে ৷ মৰণোত্তৰ পৰীক্ষাৰ অন্তত ঘটনাস্থলীতে শেষকৃত্য সম্পন্ন কৰা হয় হাতীটোৰ।
লগতে পঢ়ক: Congress rally in Samuguri : আজি চামগুৰিত কংগ্ৰেছৰ বিশাল ৰেলী