Local, Vocal, Global

Wild elephanat death : গোৱালপাৰাত বন্যহস্তীৰ কৰুণ মৃত্যু

নিউজ ডেস্ক,২১অক্টোবৰ : অবাধ হাৰত বনাঞ্চল ধ্বংসৰ ফলত বন্যহস্তীৰ জাক এতিয়া নামি আহে সমতল ভূমিলৈ।বনাঞ্চলৰ ভূমি সংকোচত হোৱাত খাদ্য আৰু বাসস্থানত অভাৱত বন্যহস্তীসমূহ জনাঞ্চললৈ উলাই আহিবলৈ বাধ্য হৈছে।

ফলত সঘনাই সংঘটিত হৈছে হাতী মানুহৰ সংঘাত। শেহতীয়াকৈ ৰাজ্যৰ বিভিন্ন জিলাত সংঘটিত হৈ অহা হাতী-মানুহৰ সংঘাতৰ ঘটনাই জটিল ৰূপ ধাৰণ কৰা পৰিলক্ষিত হৈছে।

প্ৰাকৃতিক দুৰ্যোগৰ দৰে এক বৃহৎ দুৰ্যোগৰ ৰূপত দেখা হস্তী মানুহৰ সংঘাতত কেৱল মানুহৰে যে প্ৰাণহানি হৈছে তেনে নহয়,খাদ্যৰ সন্ধানত নামি অহা বন্যহস্তীৰো বহু সময়ত প্ৰাণ গৈছে(Wild elephanat death)।

ৰাজ্যত হাতী মানুহৰ সংঘাত অব্যাহত থকাৰ মাজতে পুনৰ এটা বন্যহস্তীৰ মৃত্যু।

গোৱালপাৰাৰ ৰাঙাগড়াত মৃত্যু বন্যহস্তীৰ।

এতিয়াও পোহৰলৈ অহা নাই মৃত্যুৰ কাৰণ। ঘটনাস্থলীলৈ ৰাওনা বন বিভাগৰ দল।

লগতে পঢ়ক:PM Narendra Modi’ Russia Visit: আজি ৰাছিয়ালৈ ৰাওনা হ’ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী