Local, Vocal, Global

Wild elephanat death : নুমলীগড়ৰ মৰঙিত বন্যহস্তীৰ কৰুণ মৃত্যু

দেৰগাঁও,১৭অক্টোবৰ : অবাধ হাৰত বনাঞ্চল ধ্বংসৰ ফলত বন্যহস্তীৰ জাক এতিয়া নামি আহে সমতল ভূমিলৈ।বনাঞ্চলৰ ভূমি সংকোচত হোৱাত খাদ্য আৰু বাসস্থানত অভাৱত বন্যহস্তীসমূহ জনাঞ্চললৈ উলাই আহিবলৈ বাধ্য হৈছে।

ফলত সঘনাই সংঘটিত হৈছে হাতী মানুহৰ সংঘাত। শেহতীয়াকৈ ৰাজ্যৰ বিভিন্ন জিলাত সংঘটিত হৈ অহা হাতী-মানুহৰ সংঘাতৰ ঘটনাই জটিল ৰূপ ধাৰণ কৰা পৰিলক্ষিত হৈছে।

প্ৰাকৃতিক দুৰ্যোগৰ দৰে এক বৃহৎ দুৰ্যোগৰ ৰূপত দেখা হস্তী মানুহৰ সংঘাতত কেৱল মানুহৰে যে প্ৰাণহানি হৈছে তেনে নহয়,খাদ্যৰ সন্ধানত নামি অহা বন্যহস্তীৰো বহু সময়ত প্ৰাণ গৈছে(Wild elephanat death)।

ৰাজ্যত হাতী মানুহৰ সংঘাত অব্যাহত থকাৰ মাজতে পুনৰ এটা বন্যহস্তীৰ মৃত্যু।

নুমলীগড়ৰ মৰঙিত বন্যহস্তীৰ কৰুণ মৃত্যু। মৰঙিৰ বুধবাৰে নিশা বিদ্যুতপৃষ্ঠ হৈ মৃত্যু হয় দঁতাল হাতীৰ।

জানিব পৰা মতে,বুধবাৰে নিশা খাদ্যৰ সন্ধানত ওলাই অহা এটা হাতীৰ জাকে পৰ্যাবস্তিত ঘৰ দুৱাৰ ভাঙি তহিলং কৰে। বন্যহস্তীৰ জাকটোৱে পৰ্যাবস্তিত তাণ্ডৱ চলাই থকাৰ সময়তে হাতীৰ জাকটোৰ এটা বন্যহস্তী বিদ্যুৎ পৰিবাহী তাৰত লাগি কৰুণ মৃত্যু হয়।

ইতিমধ্যে বন বিভাগৰ লোক ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰাৰ লগতে মৃত বন্য বন্যহস্তীটোৰ মৰণোত্তৰ পৰীক্ষাৰ যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে।

লগতে পঢ়ক :CJI Chandrachud proposes Justice Sanjiv Khanna as successor : ১০ নৱেম্বৰত সমাপ্ত হ’ব ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ বৰ্তমানৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ৰ কাৰ্যকাল