Wild elephanat death : পুনৰ ৰাজ্যত বন্যহস্তীৰ কৰুণ মৃত্যু
কামপুৰ,২৯জুলাই : অবাধ হাৰত বনাঞ্চল ধ্বংসৰ ফলত বন্যহস্তীৰ জাক এতিয়া নামি আহে সমতল ভূমিলৈ। বনাঞ্চলৰ ভূমি সংকোচত হোৱাত খাদ্য আৰু বাসস্থানত অভাৱত বন্যহস্তীসমূহ জনাঞ্চললৈ উলাই আহিবলৈ বাধ্য হৈছে।
ফলত সৃষ্টি হৈছে সঘনাই সংঘটিত হৈছে হাতী মানুহৰ সংঘাত।শেহতীয়াকৈ ৰাজ্যৰ বিভিন্ন জিলাত সংঘটিত হৈ অহা হাতী-মানুহৰ সংঘাতৰ ঘটনাই জটিল ৰূপ ধাৰণ কৰা পৰিলক্ষিত হৈছে।
প্ৰাকৃতিক দুৰ্যোগৰ দৰে এক বৃহৎ দুৰ্যোগৰ ৰূপত দেখা হস্তী মানুহৰ সংঘাতত কেৱল মানুহৰে যে প্ৰাণহানি হৈছে তেনে নহয়,খাদ্যৰ সন্ধানত নামি অহা বন্য হস্তীৰো বহু সময়ত প্ৰাণ গৈছে(Wild elephanat death)।
ৰাজ্যত হাতী মানুহৰ সংঘাত অব্যাহত থকাৰ মাজতে পুনৰ এটা বন্যহস্তীৰ মৃত্যু। বৰ্তমান ৰাজ্যত ধাৰাবাহিকভাৱে বন্যহস্তীৰ মৃত্যুৱে উদ্বেগৰ সৃষ্টি কৰিছে প্ৰকৃতিপ্ৰেমি সকলক।
নগাঁৱৰ কন্দলী শিলফাটাত অঘটন ৷ কন্দলী শিলফাটাত সৰিয়হ খেতিৰ কাষত উদ্ধাৰ বন্যহস্তীৰ মৃতদেহ ৷
স্থানীয় লোকে বন্যহস্তীৰ মৃতদেহটো প্ৰত্যক্ষ কৰি খবৰ দিয়ে বন বিভাগক ৷ ঘটনাৰ খবৰ পোৱাৰ লগে লগে ঘটনাস্থলীত বন বিভাগৰ লোক উপস্থিত ৷
এই পৰ্যন্ত হাতীটোৰ মৃত্যুৰ কাৰণ জানিব পৰা নাই ৷
লগতে পঢ়ক : Road Accident in Jorhat : মন্দিৰত চাকি দি ঘূৰি আহি থকাৰ সময়তে সংঘটিত হ’ল মৰ্মান্তিক দুৰ্ঘটনা