Wild Elephanat Death : বিদ্যুৎস্পৃষ্ট হৈ কৰুণ মৃত্যু বন্যহস্তীৰ
গোলাঘাট, ১৫ জানুৱাৰী : অবাধ হাৰত বনাঞ্চল ধ্বংসৰ ফলত বন্যহস্তীৰ জাক এতিয়া নামি আহে সমতল ভূমিলৈ।বনাঞ্চলৰ ভূমি সংকোচত হোৱাত খাদ্য আৰু বাসস্থানত অভাৱত বন্যহস্তীসমূহ জনাঞ্চললৈ উলাই আহিবলৈ বাধ্য হৈছে। ফলত সঘনাই সংঘটিত হৈছে হাতী মানুহৰ সংঘাত। শেহতীয়াকৈ ৰাজ্যৰ বিভিন্ন জিলাত সংঘটিত হৈ অহা হাতী-মানুহৰ সংঘাতৰ ঘটনাই জটিল ৰূপ ধাৰণ কৰা পৰিলক্ষিত হৈছে। প্ৰাকৃতিক দুৰ্যোগৰ দৰে এক বৃহৎ দুৰ্যোগৰ ৰূপত দেখা হস্তী মানুহৰ সংঘাতত কেৱল মানুহৰে যে প্ৰাণহানি হৈছে তেনে নহয়,খাদ্যৰ সন্ধানত নামি অহা বন্য হস্তীৰো বহু সময়ত প্ৰাণ গৈছে(Wild Elephanat Death)।
ৰাজ্যত হাতী মানুহৰ সংঘাত অব্যাহত থকাৰ মাজতে পুনৰ বন্যহস্তীৰ মৃত্যু হৈছে। এইবাৰ গোলাঘাটৰ মৰঙি অঞ্চলত বনৰীয়া হাতীৰ কৰুণ মৃত্যু (Wild Elephanat Death in Golaghat)।
মাঘৰ বিহুৰ পুৱাই ৰাজ্যত আহিছে এক বেয়া খবৰ। বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু এটা বন্য হস্তীৰ।
উল্লেখ্য যে দীৰ্ঘ সময় ধৰি গোলাঘাটৰ মৰঙিত এটা বৃহৎ হাতীৰ জাকে অৱস্থান কৰি থকাৰ লগতে বিভিন্ন ধৰণে উপদ্ৰৱ চলাই আহিছে। কৃষকৰ কৃষি পথাৰ সম্পূৰ্ণৰূপে নষ্ট কৰিছে।এই হাতীৰ জাকটোৰ শেহতীয়া অৱস্থান মৰঙিৰ লেটেকুজান। এই লেটেকুজানতেই হাতীৰ জাকটোৰ এটাৰ কৰুণ মৃত্যু হোৱা ঘটনাই এতিয়া শোকৰ ছাঁ পেলাইছে।
যোৱা প্ৰায় এটা সপ্তাহ ধৰি লেটেকুজানত থকা হাতীৰ জাকটোৰ মাজৰে মৃত্যু হোৱা হাতীটো ঘাইপথৰ কাষতে থকা বিদ্যুৎ তাঁৰত লাগি মৃত্যু হয়। ইতিমধ্যে ঘটনাস্থলীত উপস্থিত হৈছে স্থানীয় বন বিভাগৰ লোক।
লগতে পঢ়ক :Man Elephant Conflict : তামুলপুৰত বন্যহস্তীৰ সন্ত্ৰাস; ভাঙি তচনচ কৰিলে বাসগৃহ