Local, Vocal, Global

Wild Buffalo Terror in Khowang : ডিব্ৰুগড়ৰ খোৱাঙত বনৰীয়া ম’হৰ উপদ্ৰৱ

নিউজ ডেস্ক,৩আগষ্ট : ৰাজ্যত বাঘ আৰু গড়ৰ সমান্তৰালকৈ বনৰীয়া ম’হে চলাইছে আতংকৰ । বানৰ বিভীষিকাময় পৰিস্থিতিৰ পিছতে বনাঞ্চলৰ পৰা জলাঞ্চলৈ ওলাই আহিছে বনৰীয়া জন্তু ।

এইবাৰ ডিব্ৰুগড়ৰ খোৱাঙত বনৰীয়া ম’হৰ উপদ্ৰৱ । খোৱাং-বৰদলনিৰ কঁঠালবাৰী আৰু শেনচোৱা-নাহৰণিৰ সংযোগস্থলীৰ দিখাৰী নদীৰ ওপৰত ৰাইজে নিজাববীয়াকৈ অৰ্থ-শ্ৰমদানেৰে নিৰ্মাণ কৰি লোৱা এখন বাঁ‌হৰ দলং বনৰীয়া ম’হে ভাঙি তচনচ কৰাত সমস্যাৰ সন্মুখীন হৈছে সৰ্বসাধাৰণ ৰাইজ(Wild Buffalo Terror in Khowang)।

স্থানীয় লোকে জানিবলৈ দিয়া অনুসৰি, নিশা প্ৰায় ডেৰমান বজাত চাৰিটাকৈ বনৰীয়া ম’হে বাঁ‌হৰ দলংখনত উঠাৰ পিছতে দলংখনৰ ঠায়ে ঠায়ে ভাগি যায় । এই দৃশ্য নিশা নদীত মাছৰ সন্ধানত অহা দুজনমান লোকে প্ৰত্যক্ষ কৰে । ৰাইজে নিজা কষ্টৰে নিৰ্মাণ কৰি উলিওৱা দলংখন ভাগি যোৱাৰ ফলত ৰাইজৰ যাতায়ত ব্যৱস্থা বিচ্ছিন্ন হৈ পৰিছে ।

কেৱল ইমানেই নহয়, বনৰীয়া ম’হ কেইটাই বৰদলনি, সৰু আলি, চিলচিলিকে ধৰি বহু কেইখন গাঁৱৰ কৃষকৰ খেতিপথাৰৰো অনিষ্ট সাধন কৰিছে বুলি জানিবলৈ দিয়ে ।

দুৰ্ভাগ্যজনক বিষয় যে, বন বিভাগে কিন্তু এই পৰ্যন্ত এইক্ষেত্ৰত কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই । স্থানীয় ৰাইজে নিজা প্ৰচেষ্টাৰে দলংখন নিৰ্মাণ কৰি যাতায়ত ব্যৱস্থা সুচল কৰি লৈছিল যদিও বনৰীয়া ম’হকেইটাই ভাঙি তচনচ কৰি পেলোৱাত চিন্তিত হৈ পৰিছে ৰাইজ(Wild Buffalo Terror in Khowang) ।

লগতে পঢ়ক : Guns recovered in Lumding : লামডিঙত জব্দ হস্তনিৰ্মিত বন্দুক