WATCH | Wild buffalo terror : জামুগুৰিহাটত বনৰীয়া ম’হৰ সন্ত্ৰাস
জামুগুৰিহাট,৬এপ্ৰিল : জামুগুৰিহাটত বনৰীয়া ম’হৰ সন্ত্ৰাস। বনৰীয়া ম’হে তহিলং কৰিছে কৃষক ৰাইজৰ খেতিপথাৰ।বনৰীয়া ম’হৰ সন্ত্ৰাসত আতংকিত হৈ পৰিছে গঁঞা ৰাইজ।
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ নৱম সংযোজনৰ পৰা ওলাই অহা এটা প্ৰকাণ্ড বনৰীয়া ম’হে দুদিন ধৰি সন্ত্ৰাস সৃষ্টি কৰিছে মকুৱাচাপৰি এলেকাটোত(Wild buffalo terror)।
নিশাৰ ভাগত প্ৰবেশ কৰা ম’হটোৱে অঞ্চলটোৰ খেতিয়ক সকলৰ খেতিপথাৰ তহিং কৰাৰ লগতে ইফালে সিফালে দৌৰা দৌৰি কৰাত আঞ্চলটোৰ ৰাইজ আতংকিত হৈ পৰে। পিছত কুসুমটোলাস্থিত বনবিভাগক স্থানীয় ৰাইজে অৱগত কৰাৰ পিছতে ঘটনাস্থলীত উপস্থি হয় বনবিভাগৰ দল। প্ৰায় দুঘন্টা যোৰা প্ৰচেষ্টাৰ অন্তত বনবিভাগৰ দলটোৱে বনৰীয়া মহটো পুনৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ নৱম সংযোজনলৈ খেদি পঠিয়াই দিবলৈ সক্ষম হয়।
উল্লেখ্য যে জামুগুৰিহাটৰ দক্ষিণ পশ্চিমাঞ্চলৰ মকুৱা চাপৰিত ইয়াৰ পূৰ্বেও কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলাই অহা বনৰীয়া হাতী,গড়ে ৰাইজৰ ক্ষতিসাধন কৰি আহিছে।